এখন ৰহস্যময়ী গাঁও, য’ত বছৰ বছৰ ধৰি মাটিৰ তলতে ঘৰ সাজি বাস কৰে গাঁওবাসীয়ে, কাৰণ কষ্ট ভুগি ভুগি মৰিবলৈ ভয়

0
22840

এখন ৰহস্যময়ী গাঁও, য’ত বছৰ বছৰ ধৰি মাটিৰ তলতে ঘৰ সাজি বাস কৰে গাঁওবাসীয়ে, কাৰণ কষ্ট ভুগি ভুগি মৰিবলৈ ভয়

এক অতি আচৰিত ঠাই, যিখনৰ কাহিনীয়ে আপোনাক অতি আচৰিত কৰি পেলাব। বিশ্বত কিছুমান এনে আচৰিত ঘটনা পৰিঘটনা ঘটি আছে যি সমুহৰ আমি তিলমানো অনুমান কৰিব নোৱাৰো। আজি তেনে এক আচৰিত সত্য ঘটনা আমি আপোনাক জনাম।

মাটিৰ তলত ঘৰ সাজি বাস কৰে মানুহে, কিন্তু ক’ত আছে এই খন‌ ঠাইখন ? পৃথিৱীৰ ক’ৰবাত যদি ৰহস্যময়ী ঠাই আছে ক’ৰবাত আকৌ ৰহস্যময়ী কিছু কাহিনী আন কৰবাত আকৌ কোনো ৰহস্যময় মানৱ।

বৈজ্ঞানিক সকলে বিজ্ঞানৰ বিভিন্ন মাধ্যমেৰে বিভিন্ন ধৰণৰ বস্তুৰ সম্ভেদ উলিয়াইছে যদিও এতিয়াও বহুতো ঠাই বা ঘটনা ৰহস্যৰ আৱৰ্তত।

স্বৰ্গ, মৰ্ত্য আৰু পাতাল, এই সম্পৰ্কে আমাৰ সকলোৰে ধাৰণা ভিন্ন ভিন্ন। পৃথিৱীত এনে এখন ঠাই আছে য’ত মানুহে এতিয়াও মাটিৰ তলত বাস কৰে ।

জানিব পৰা মতে, এই ঠাই খনৰ মানুহে মাটিৰ তলত ঘৰ বনাই জীৱন যাপন কৰে। ঠাইখন আফ্ৰিকা দেশৰ টুনিচিয়াত অৱস্থিত।

এই অঞ্চলটো দজেবেল দাহাৰ অঞ্চল বুলি জনা যায়। এই অঞ্চলৰ মানুহ সকলে এতিয়াও বহু বছৰ পুৰণি ঘৰত বসবাস কৰে। এই ঘৰ সমূহ সাধাৰণতে মাটিৰ তলত থাকে।

জানিব পৰা মতে মাটিৰ ভিতৰত থকা এই গাঁও খনক তিজ্মা গাঁও নামেৰেও জনা যায়। ইয়াত মানুহে মাটিৰ তলত জীৱন যাপন কৰে।

ঘৰ সমূহ প্ৰায় ১০০ বছৰ পুৰণি যদিও এই ঘৰ সমূহত সকলো সা- সুবিধায়ে উপলব্ধ আছে। অঞ্চলৰ প্ৰায় ভাগ মানুহৰে জীৱিকাৰ উৎস হৈছে খেতি। উল্লেখযোগ্য যে ঠাইখনৰ বহু লোক চহৰলৈ স্থনান্তৰ হৈছে যদিও লোকে সকলে মাটিৰ তলত ঘৰ নিৰ্মাণ কৰি আছে।

আচলতে এই অঞ্চলৰ লোকে মাটিৰ তলত ঘৰ সজাৰ কাৰণ হ’ল এই অঞ্চলত হোৱা গৰম বতাহৰ পৰা পৰিত্ৰাণ পোৱা। মাটিৰ তলত থকা ঘৰ সমূহ সাধাৰণতে মাটিৰে নিৰ্মিত হয়।

যাৰ ফলত ঘৰৰ ভিতৰভাগ কিছু ঠাণ্ডা হয়। এই ঘৰ সমূহ এনে ধৰণে বনোৱা হৈছে যাতে ঘৰ সমূহত বায়ু বতাহৰ লগতে অক্সিজেনৰ প্ৰবাহৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা নহয় ।