কোনেও নাজানে, ক’ৰ পৰা কেনেকৈ কি হ’ল! পথাৰৰ মাজত হঠাতে সৃষ্টি এটা অট্টালিকা সোমাই যাব পৰা বৃহৎ গাঁত।
যি ৰহস্যময় গাঁতে এতিয়া বিশ্বজুৰি ভূ-বিজ্ঞানীসকলৰ মাজত কৌতূহলৰ সৃষ্টি কৰিছে। যোৱা সপ্তাহৰ শেষৰ ফালে চিলিত সৃষ্টি হোৱা এই ৰহস্যময় ছিংকহোলটোৱে এতিয়া বিশ্বব্যাপী শিৰোনাম দখল কৰিছে।
জানিব পৰা মতে, এই গাঁতটো ওপৰৰ পৰা তললৈ প্ৰায় ৬৫৬ ফুট দ’, আৰু ৰাষ্ট্ৰীয় ভূতত্ত্ব আৰু খনি সেৱাই অনুমান কৰিছে যে ই প্ৰায় ৮২ ফুট বহল।
চিংকহোলটো চিলিৰ খনি চহৰ টিয়েৰা অমাৰিলাত হঠাতে গঠন হৈছে। কোনেও এই বিষয়ে বিশেষ একো নাজানে কৰ পৰা, কেনেকৈ এই গাঁতটো সৃষ্টি হৈছে।
পাথে এই ছিংকহোলটো বাঢ়ি যোৱাৰ সম্ভাৱনা আছে, সেয়ে চিলি চৰকাৰে ইয়াৰ ওপৰত অনুসন্ধান আৰম্ভ কৰাৰ লগতে সকলো লোককে সুৰক্ষা জনিত কাৰণত ইযাৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে।
জানিব পৰা মতে, বৰ্তমানে গাঁতটোৰ চাৰিওফালে প্ৰায় ১০০ মিটাৰ পৰ্যন্ত কাকোকে কাষ চাপি নাযাবলৈ আহ্বান জনোৱাৰ লগতে সেই ১০০ মিটাৰৰ এক সুৰক্ষা বেষ্টনিও গঢ়ি তুলিছে।
গাঁতটোৰ ভিতৰত পানীৰ উপস্থিতি ধৰা পেলাইছে বৈজ্ঞানিকে। লগতে ইয়াকো ঠাৱৰ কৰিছে যে, গাঁতটোত থকা পানীৰ পৰিমান ভালেখিনি আছে, কিন্তু সেয়াও কিমান সামান্য বৰ্তমানলৈ পৰীক্ষা কৰা হোৱা নাই।