
প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰে ভৰা ৰহস্যময় এক জলপ্ৰপাত, গুৱাহাটীৰ পৰা দূৰত্ব মাত্ৰ ৪ ঘণ্টা।
উত্তৰ-পূবৰ ৰাজ্যসমূহ সংস্কৃতি, ঐতিহ্য, খাদ্য আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে সমগ্ৰ ভাৰত আৰু বিদেশৰ পৰ্যটকসকলৰ মাজত প্ৰিয়।
উত্তৰ-পূবৰ ৰাজ্যসমূহ তেওঁলোকৰ সুন্দৰ উপত্যকা, জলপ্ৰপাত, বিস্তাৰিত পাহাৰীয়া অঞ্চল আৰু মনোৰম দৃশ্যৰ বাবে জনাজাত।
অৱশ্যে, উত্তৰ-পূবৰ ৰাজ্যসমূহত এনে বহুতো ঠাই আছে যিবোৰ ৰহস্যময় হৈ আছে। এই ঠাইবোৰলৈ অহা দৰ্শনাৰ্থীসকলেও অনুভৱ কৰে কিছু অভিন্ন ভাৱ। তেনেই এক ৰহস্যময় ঠাই হৈছে মেঘালয়ত থকা নোহকলিকাই জলপ্ৰপাত (Nohkalikai Falls)।
নোহকালিকাই জলপ্ৰপাত হৈছে ভাৰতৰ আটাইতকৈ ওখ জলপ্ৰপাত। ইয়াৰ উচ্চতা ৩৪০ মিটাৰ (১,১১৫ ফুট)। ই মেঘালয় ৰাজ্যত অৱস্থিত। নহকলিকাই জলপ্ৰপাত তুলনামূলকভাৱে সৰু মালভূমিৰ শীৰ্ষত বৰষুণৰ পানীৰ দ্বাৰা সৃষ্ট হোৱা জলপ্ৰপাত।
স্থানীয় জনশ্ৰুতি অনুসৰি, নোহকালিকাই জলপ্ৰপাতৰ ওপৰৰ ফালে থকা ৰংজিৰতেহ নামৰ এখন গাঁৱত কা লিকাই নামৰ এগৰাকী মহিলাই বাস কৰিছিল যিয়ে তেওঁৰ স্বামীৰ মৃত্যুৰ পিছত পুনৰ বিবাহ কৰাইছিল।
কা লিকাই (কা হৈছে খাচীত মহিলা লিংগৰ বাবে প্ৰদান কৰা উপসৰ্গ)ৰ পূৰ্বৰ স্বামীৰ ফালৰ পৰা এটা কেঁচুৱা আছিল। যাৰ বাবেই জীৱিকা উপাৰ্জনৰ হেতু কুলিৰ কাম কৰিছিল।

কামত যোৱাৰ সময়ত বহু সময়ৰ বাবে ঘৰতে এৰি যাব লগা হৈছিল শিশুটোক। সন্তান এটা ডাঙৰ কৰাৰ বাবে পিতৃ-মাতৃ দুয়োৰে প্ৰয়োজন বুলি অনুভৱ কৰিয়েই কা লিকাই একমাত্ৰ সন্তানটোৰ বাবেই দ্বিতীয়বাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হৈছিল।
কিন্তু তাৰ ওলোটা ফল হে ওলাই। দ্বিতীয় স্বামীয়ে সন্তানটোক মৰমৰ সলনি বেয়া পাবলৈ আৰম্ভ কৰিলে। শেষত সেই দ্বিতীয় পিতৃয়েই সন্তানটোক হত্যা কৰি কাটি বাচি মূৰ আৰু হাড় বোৰ বেলেগ কৰি মাংস খিনিৰে তৰকাৰী বনাইছিল।
লিকাই কামৰ পৰা উভতি আহি সন্তানটোক বিচাপি নাপাই বহু বিচাৰে কিন্তু কতো কোনো খবৰ লাভ নকৰে। ইফালে ভোকে পিয়াহে আগুৰি ধৰাত গিৰিয়েকে ৰান্ধি থোৱা নিজৰেই সন্তানৰ মাংসৰে ভাত খাই।
ভাত খাই উঠি পান খাবলৈ বুলি যোৱা ঠাইতে কটা আঙুলি উদ্ধাৰ কৰে। লগে লগেই বুজি উঠে সমগ্ৰ ঘটনা। স্বামীয়েও সৈ কাঢ়ে সন্তানটোক হত্যা কৰাৰ কথা।
খঙতে, দুখতে কা লিকাই দৌৰি গৈ সেই উখ পাহাৰৰ পৰা তললৈ জপিয়াই দিয়ে। যি পাছলৈ জলপ্ৰপাতৰ ৰূপ লয়। সেই কা লিকাইৰ নামেৰেই নাম ৰখা হয় জলপ্ৰপাতটোৰ।
কোৱা বাহুল্য যে, সেই জলপ্ৰপাতৰ ওচৰলৈ গলে আজিও এক শোকে আগুৰি ধৰে লোকক।