
অৰ্থনৈতিকভাৱে জুৰুলা কৰা পাকিস্তানক সমস্যাই লগ এৰাৰ নাম লোৱা নাই। মূল্যবৃদ্ধিৰ লগতে বিভিন্ন সমস্যাই দেখা দিয়া পাকিস্তানত এতিয়া এটা ৰহস্যজনক ৰোগে মানুহৰ মাজত আতংকৰ সৃষ্টি কৰিছে।
দৰাচলতে কৰাচীৰ কেমাৰী অঞ্চলত এক ৰহস্যজনক ৰোগৰ বাবে বহু লোকে প্ৰাণ হেৰুৱাইছে। দক্ষিণ পাকিস্তানৰ এই বন্দৰ চহৰখনৰ স্বাস্থ্য বিষয়াসকলে এতিয়াও জানিব পৰা নাই মৃত্যুৰ কাৰণ।
শুকুৰবাৰে স্বাস্থ্য সেৱাৰ সঞ্চালক আব্দুল হামিদ জুমানীয়ে নিশ্চিত কৰে যে যোৱা ১০ৰ পৰা ২৫ জানুৱাৰিৰ ভিতৰত কেমাৰীৰ মাৱাচ গোঠ অঞ্চলত এক ৰহস্যজনক ৰোগৰ ফলত ১৪টা শিশুকে ধৰি ১৮ জন লোকৰ মৃত্যু হৈছে।
কৰাচীৰ কেমাৰি অঞ্চলৰ মাৱাচ গোঠত বিয়পি পৰিছে এই ৰহস্যজনক ৰোগ। মাত্ৰ ১৬ দিনৰ ভিতৰত এই ৰোগে ১৮ জন লোকৰ প্ৰাণ কাঢ়ি নিছে।
নিহতসকলৰ ভিতৰত তিনিটা শিশুসহ এটা পৰিয়ালৰ ৬জন লোকৰ বিপৰীতে আন এজন লোকে ৰহস্যজনক ৰোগত আক্ৰান্ত হৈ পত্নী আৰু তিনিটা সন্তান হেৰুৱাইছে। মাৱাচ গঠ এটা বস্তি অঞ্চল।
স্বাস্থ্য সেৱাৰ সঞ্চালক আব্দুল হামিদ জুমানীয়ে কয়, ‘এটা স্বাস্থ্য সেৱাৰ দলে এতিয়াও এই মৃত্যুৰ কাৰণৰ তদন্তৰ বাবে কাম কৰি আছে, কিন্তু আমি সন্দেহ কৰো যে এই অচিনাক্ত ৰোগ সাগৰ বা পানীৰ সৈতে জড়িত হ’ব পাৰে, কিয়নো য’ত এই ঘটনা সংঘটিত হৈছে সেই ঠাইখন উপকূলীয় অঞ্চলৰ ওচৰতে অৱস্থিত’।