সাগৰৰ মহিমা! ঢৌত উটি আহিল সোণালী ৰথ, ৰথ চাবলৈ উবুৰি খাই পৰিল বহু লোক, ভিডিঅ’ ভাইৰেল
সাগৰৰ মহিমা অপাৰ। কেতিয়াবা যদি শান্ত, ক্ষণিকতে ধাৰণ কৰে ৰুদ্ৰ ৰূপ। এইবাৰ সাগৰৰ লগতে অশনি ধুমুহাই ভাৰতৰ দক্ষিণ প্ৰান্তৰ ৰাজ্য অন্ধ্ৰ প্ৰদেশ সাগৰৰ তীৰত আনি খুন্দা লগাইছে এখন সোণালী ৰঙৰ ৰথ।
অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলমৰ সুন্নাপল্লী সাগৰৰ পাৰত আজি হঠাতে এখন সোণালী ৰঙৰ ৰথ দেখিবলৈ পোৱা যায়। সাগৰৰ ঢৌৱে উটুৱাই আনি সাগৰৰ তীৰত থৈছিল ৰথখন।
ৰথখন দেখা পাইয়ে উবুৰি খাই পৰে বহু লোক। ৰথ খন এবাৰ ওচৰ পৰা চাবলৈ ভিৰ কৰে বহু লোকে। সেই ৰথৰ ভিডিঅ কৰি কোনোৱে সামাজিক মাধ্যমতো আপলোড কৰি দিয়ে। লগে লগে ভাইৰেল হৈ পৰে সেই ভিডিঅ।
ৰথখনৰ আকাৰ দেখি কোনো মঠ মন্দিৰৰ যেন দেখা গৈছে। লোক সকলৰ সন্দেহ কৰা নতে ৰথ খন ম্যানমাৰ, থাইলেণ্ড, মালেয়ছিয়া বা ইণ্ডোনেছিয়াৰ দৰে কোনো দেশৰ সাগৰৰ পাৰত থকা মন্দিৰৰ।
যি অশনি ধুমুহাৰ ফলত মন্দিৰৰ পৰা বিচ্ছিন্ন হৈ উটি আহি আহি ভাৰতৰ দক্ষিণ প্ৰান্তত লাগি ধৰে।
বৰ্তমানে এই ৰথ সম্পৰ্কে প্ৰশাসনৰ লোকক খবৰ কৰা হৈছে। সকলোৱে এই ৰথৰ বিষয়ে সম্ভেদ ওলোৱাৰ যত্ন কৰি আছে।
আৰু পঢ়ক :-বিজু গগৈৰ মৃত্যুৰ বাতৰিৰ লগতে সদৰি অন্য বিস্ফোৰক তথ্যও- কেইবাজনকো মৃত্যু দিছে আলফাই, তালিকা প্ৰকাশ