29 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    সামৰিক বিমান দুৰ্ঘটনা: ধৰ্মীয় নেতা সহ ১৩ গৰাকীকৈ লোক নিহত

    ম্যানমাৰত বৃহস্পতিবাৰে পুৱা এক সামৰিক বিমান দুৰ্ঘটনা সংঘটিত হয়। এই ভয়ংকৰ বিমান দুৰ্ঘটনাত বৌদ্ধ ধৰ্মৰ ধৰ্মীয় নেতা ভৱন্ত কাছিৱাৰা,‌‌‌‌‌‌‌‌‌ছয় শীৰ্ষ সেনা বিষয়া সহ মুঠ ১৩ জনৰ মৃত্যু হয়।

    জানিব পৰা মতে বৃহস্পতিবাৰে পুৱা ৭ বজাত নেয়পেডৰ বিমানবন্দৰৰ‌ পৰা মান্দায়লৰ পিন অ’ লৱিন বিমানবন্দৰলৈ জুন্টা সামৰিক বিমান খনে উৰা মাৰিছিল। কিন্তু বৰষুণৰ বাবে বিমানখন অৱতৰণ কৰিবলৈ লোৱাৰ সময়তে বিমান বন্দৰৰ‌ বিদ্যুতৰ খুঁটাত প্ৰচণ্ড খুন্দা মাৰি বিমানখন টুকুৰা টুকুৰ হৈ পৰে।

    এই দুৰ্ঘটনাৰ ফলতেই ১৩ জনকৈ লোক নিহত হয়।

    আৰু পঢ়ক : হৃদয় বিদাৰক! বোকাখাটত হাতীৰ গচকত মৃত্যু শিশুৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং