33 C
Guwahati
Thursday, August 4, 2022
More

    মুছলমান লোকেই যোগান ধৰে জেহদীৰ সম্পৰ্কে তথ্য- মুখ্যমন্ত্ৰী

    মুছলমান লোকেই যোগান ধৰে জেহদীৰ সম্পৰ্কে তথ্য- মুখ্যমন্ত্ৰী। জেহাদী প্ৰসংগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এক সংবাদ মেলৰ আয়োজন কৰে। আজি জনতা ভৱনত আয়োজিত কৰা এই সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘আজি কিছুদিনৰ পৰা বৰপেটা আৰু মৰিগাঁও জিলাত জেহাদী, মৌলবাদীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাই আছে। আমাৰ তথ্যৰ ভিত্তিত বেলেগ ৰাজ্যই জেহাদীৰ গোট উৎখাত কৰিবলৈ সক্ষম হৈছে৷’’

    পূৰ্বে ১০ বছৰত ৫ টা গোট ধৰা হৈছিল, কিন্তু এতিয়া মাত্ৰ ৬ মাহতে ৫ টা গোট ধৰিবলৈ সক্ষম হৈছে আৰক্ষী। সেই সংবাদমেলতেই মুখ্যমন্ত্ৰীয়ে ইয়াকো কয় যে, এই জেহাদী সম্পৰ্কে তথ্য কোনো অন্যই নহয়, বৰঞ্চ মুছলমান লোকেই যোগান ধৰিছিল হেনো আৰক্ষীক।

    ১৯৯৯ত জেহাদীৰ ঘাটি উৎখাত কৰা হৈছিল অসমত। হৰকট–উল–মুজাহিদীনক উৎখাত কৰা হৈছিল। ২০০৩-০৪ত হৰকট–উল–ইছলামী, ২০১১ত জামাতুল মুজাহিদীন বাংলাদেশ, ২০১৮-২২ আনছাৰ উল্লাহ বাংলা টীম–AQIS উৎখাত কৰা হৈছে অসমত।

    এমাহত পাঁচটা গোট আনছাৰ উল্লাহ বাংলা টীম উৎখাত কৰিছে অসম আৰক্ষীয়ে। বৰপেটাত বিগত চাৰি মাৰ্চত আনছাৰ উল্লাহ বাংলা টীমৰ এটা গোটক উৎখাত কৰা হৈছিল। মহম্মদ ছুমনক গ্ৰেপ্তাৰ কৰা হৈছিল ছয়জনী দলটোৰ সৈতে। আটাইকেইজনে বাংলাদেশী।

    মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত লোক সকলক সজাগতা আনিবৰ বাবে কয় যে, মহজিদত যদি বাহিৰৰ পৰা ইমাম আহিছে তেনে তেওঁ লোকক স্থান নিদিব। যদি আপুনালোকে সেই ইমামক চিনি নাপায় তেন্তে আৰক্ষীক খবৰ কৰক ।আপোনালোকৰ গাঁৱত যদি কোনোবা অচিনাকি মুচলমান মানুহ দেখে খবৰ দিয়ক অসম আৰক্ষীক ।

    মাদ্ৰাছাত কি পঢ়াই থকা হৈছে সেয়া স্থানীয় ৰাইজক খবৰ ৰাখিবলৈও আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। সাধাৰণ মুছলমান ৰাইজক মুখ্যমন্ত্ৰীৰ আহ্বান, বাহিৰৰ মানুহ আপোনালোকৰ অঞ্চললৈ আহিলেই খবৰ দিয়ক স্থানীয় আৰক্ষীক৷

    তাতোকৈয়ো এক উল্লেখযোগ্য কথা সদৰি কৰি কয় যে,- ‘‘কিছু মুছলমান লোকেই দাঙি ধৰা তথ্য অনুসৰি, কভিডৰ সময়তেই ABTয়ে জেহাদীৰ কাৰ্যকলাপ বৃদ্ধি কৰিছিল৷ যি সময়ত সকলো লোক কভিড প্ৰতিহত কৰাত ব্যস্ত আছিল। সেই সময়তেই বৰপেটাৰ এটা গোটক বন্দুক চালনাৰ প্ৰশিক্ষণ দিয়া হৈছিল।’

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং