কালী পূজাৰ বাবে এজন মুছলমান লোকে দান কৰিলে নিজৰ ভূমি

0
251
কালী পূজাৰ বাবে এজন মুছলমান লোকে দান কৰিলে নিজৰ ভূমি

কালী পূজাৰ বাবে এজন মুছলমান লোকে দান কৰিলে নিজৰ ভূমি

ভাৰত এখন সুন্দৰ দেশ। এই সৌন্দৰ্য বজাই ৰখাত বহুলোকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ইয়াত থকা বৈচিত্ৰ্যই মানুহক এডাল সূতাৰে বান্ধি ৰাখিছে।

শেহতীয়াকৈ এনে এটা খবৰ প্ৰকাশ পাইছে যিয়ে সকলোকে অনুপ্ৰাণিত কৰিব। দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, পশ্চিম বংগৰ এজন দৰিদ্ৰ মুছলমান ব্যক্তিয়ে কালী মন্দিৰ নিৰ্মাণৰ বাবে তেওঁৰ ভূমি দান কৰিছিল।

এই বাতৰিটো প্ৰকাশ পোৱাৰ পিছতে সামাজিক মাধ্যমত ইয়াক লৈ আলোচনা চলি আছে।

প্ৰাপ্ত তথ্য অনুসৰি পশ্চিম বংগৰ নাদিয়া জিলাৰ ভীমপুৰ গাঁৱত প্ৰায় ৪৫০ জন লোকে বাস কৰে, যাৰ ভিতৰত ১৫০ জন মুছলমান।

গাওঁখনত অৱস্থিত এটা খালী ঠাইত প্ৰতি বছৰে কালী পূজা কৰা হয়। এই অঞ্চলটো বাংলাদেশৰ সীমাৰ ওচৰত পৰে। সেয়ে পূজাৰ বাবে অনুমতি ল’ব লাগিব।

কিন্তু এইবছৰ বি এছ এফে অনুমতি দিয়া নাছিল। সেয়ে গাঁওখনৰ মুছলমান সম্প্ৰদায়ৰ মানাহান মণ্ডল নামৰ এজন যুৱকে তেওঁৰ খালী মাটি হিন্দু সম্প্ৰদায়ক প্ৰদান কৰে যাতে কালী পূজা সহজে সম্পন্ন কৰিব পৰা যায়।

হানান মণ্ডলৰ এই কামে গোটেই গাঁওখনত আনন্দৰ লহৰ উঠিছে। হিন্দু সম্প্ৰদায়ৰ লোকে কয় যে এয়াই আমাৰ একতা।

যিসকল নেতাই আমাক বিভাজন কৰিবলৈ চেষ্টা কৰি আছে। এইটো তেওঁলোকৰ বাবে এক উদাহৰণ। এইটো সঁচাকৈয়ে এক ধৰ্মীয় উদাহৰণ। এইদৰে গাঁৱৰ আনন্দিত লোকে।

আৰু পঢ়ক : গুৱাহাটীবাসীয়ে আৰু আঢ়ৈ বছৰ ভুগিব লাগিব দুৰ্ভোগ, ইয়াৰ পূৰ্বে নাপাব খোৱা পানী