ৰমজান মাহত মুছলমান কৰ্মচাৰীয়ে এঘণ্টা পূৰ্বে এৰিব পাৰিব কাৰ্য্যালয়, অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ ঘোষণা

0
5775
ৰমজান মাহত মুছলমান কৰ্মচাৰীয়ে এঘণ্টা পূৰ্বে এৰিব পাৰিব কাৰ্য্যালয়, অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ ঘোষণা
প্ৰতিনিধিত্বমূলক চিত্ৰ

ইছলাম ধৰ্মালম্বী লোকসকলৰ বাবে অন্ধ্ৰপ্ৰদেশ চৰকাৰে বিশেষ ঘোষণা আগবঢ়াইছে।

অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ চৰকাৰী কাৰ্য্যালয়ৰ সকলো মুছলমান কৰ্মচাৰীয়ে ৰমজানৰ মাহত নিৰ্দিষ্ট সময়তকৈ এঘণ্টা পূৰ্বে কাৰ্য্যালয় এৰিব পাৰিব বুলি অন্ধ্ৰপ্ৰদেশ চৰকাৰে বৃহস্পতিবাৰে ঘোষণা কৰিছে।

এইক্ষেত্ৰত চৰকাৰী কাৰ্য্যালয়ৰ নিয়মীয়া, ঠিকাভিত্তিক কৰ্মচাৰী, শিক্ষক আদি সকলোকে সামৰি লোৱা হ’ব।

২ মে’ পৰ্যন্ত এইসকল মুছলমান ধৰ্মালম্বী চৰকাৰী কাৰ্য্যালয়ৰ কৰ্মচাৰীয়ে নিজৰ কাৰ্য্যালয় এঘণ্টা পূৰ্বে এৰিব পাৰিব।

অন্ধ্ৰপ্ৰদেশচৰকাৰৰ মুখ্য সচিৱ ড০ সমীৰ শৰ্মাৰ স্বাক্ষৰ সম্বলিত এই জাননীত এই কথা উল্লেখ কৰা হৈছে।

ইয়াৰ পূৰ্বে দিল্লী জল বোৰ্ডেও একেধৰণৰ নিৰ্দেশনা জাৰি কৰিছিল যদিও পৰৱৰ্তী সময়ত সেই নিৰ্দেশনা বাতিল কৰিছিল।

আনহাতে, ৰাজস্থান চৰকাৰেও পবিত্ৰ ৰমজান মাহত ইছলাম ধৰ্মীয় লোকসকলে বাস কৰা অঞ্চলত বিজুলী যোগান ব্যাহত নকৰিবৰ বাবে নিৰ্দেশনা আগবঢ়াইছিল।  

আৰু পঢ়ক : অৱশেষত অনিমেশ ভূঞা হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ