ব্যতিক্ৰমি বিবাহ, মুছলমান যুৱতীৰ হিন্দু ৰীতি-নীতিৰে বিবাহ

0
14080

এখন ব্যতিক্ৰমি বিবাহ, মুছলমান যুৱতীৰ হিন্দু ৰীতি-নীতিৰে বিবাহ। মঙলদৈ হিৰাপাৰাত এই ব্যতিক্ৰম বিবাহখন সম্পন্ন হয়।

যি বিবাহক লৈ সকলোৰে মাজত ৰং-ৰহইচ। সকলোৱে এপাক নাচিছে বিবাহ খনত। দৰা কইনা দুয়ো মুছলমান, কিন্তু বিবাহৰ নিয়ম হিন্দু ।

এগৰাকী মুছলিম কইনাক সম্পূৰ্ণ হিন্দু ৰীতি নীতিৰে ঘৰৰ পৰা উলিয়াই দিলে পালিত মাতৃয়ে । যোৱা প্ৰায় ৬ বছৰ ধৰি মঙলদৈ খাটনিয়া পাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী অনিতা ৰাজবংশীয়ে জৰীফুল বেগম নামৰ এগৰাকী দৰিদ্ৰ মুছলিম যুৱতীক নিজ কন্যাৰ দৰে লালন পালন কৰি ডাঙৰ দীঘল কৰিছিল ।

আজি সেই গৰাকী কন্যাগৰাকীক খাটনিয়াপাৰাৰে তবিবুৰ ৰহমানৰ সৈতে বিবাহ ঠিক কৰি হিন্দু নিয়মেৰে বিয়া দিয়ে।

অৱশ্যে দৰা ঘৰত ইছলাম ধৰ্ম মতেও বিয়া হব দুয়ো। তথাপি মাতৃয়ে কন্যাক মাতৃৰ ঘৰত সকলো হিন্দু নিয়ম মতেই কৰে।

পালিত মাতৃ অনিতা ৰাজবংশীয়ে  হিৰাপাৰাৰ ঘৰ খনৰ পৰা জৰীফুল বেগমক উলিয়াই দিয়া সময়ত সম্পূৰ্ণ হিন্দু নিয়ম অনুসৰিয়েই ঘৰৰ পৰা উলিয়াই দিয়ে ।

ঘৰৰ পৰা উলিয়াই দিয়াৰ সময়ত আবেগিক হৈ পৰে পালিত মাতৃ, ওচৰ চুবুৰীয়া লোক সকল । এনে মৰম পায় আৱেগত কান্দি উঠে কইনা জৰীফুল বেগমেও ।

Input and Photo – Kishor Kalita