24.2 C
Guwahati
Saturday, September 18, 2021
More

    মঙল গ্ৰহত দেখিবলৈ পোৱা গৈছে ‘মাশ্বৰুম’, পিছে কিহৰ এই মাশ্বৰুম, কেনেকৈ উৎপন্ন গ্ৰহটোত

    ৰঙা গ্ৰহ মঙলত দেখিবলৈ পোৱা গৈছে মাশ্বৰুমৰ দৰে বহুতো টেমুনা। যি সাইলাখ মাশ্বৰুম। উপগ্ৰহৰ পৰা লোৱা চিত্ৰই সদৰি কৰিছে এই বিষয়ে। জীৱন ধাৰণৰ বায়ুমণ্ডল নথকাৰ পিছতো কেনেকৈ উৎপন্ন হবলৈ পালে এই মাশ্বৰুম, তাকেই লৈ বৈজ্ঞানিক মহলত চিন্তাৰ জোৱাৰ।

    আমেৰিকাৰ মহাকাশ গৱেষণা সন্থা নাছাৰ ‘মাৰ্চ এক্সপ্লোৰেছন’ নামৰ ৰোবাৰে এই মাশ্বৰুমৰ চিত্ৰ সমূহ নিজৰ কেমেৰাত বন্দি কৰিছে। অৱশ্যে এই চিত্ৰ সমূহ আজিৰ নহয়, ২০০৪ চনৰে । কিন্তু সদ্যহতে হোৱা গৱেষণাৰ ফলত এইটো স্পষ্ট হৈছে যে, মাশ্বৰুমৰ দৰে দেখাত এইবোৰ হৈছে হেমেটাইড কনক্ৰিছন(Haematite Concretions)।

    অৰ্থাৎ, লোহা আৰু অক্সিজেনৰ এক সংমিশ্ৰণ। যিয়ে সাইলাখ মাশ্বৰুমৰ দৰে ৰূপ লৈছে। এই সমূহ দেখিবলৈ ওপৰ অংশ গোলাকাৰ আকৃতিৰ। যাৰ ভিতৰত হেমেটাইড ভৰ্তি হৈ থাকে। যেতিয়াই মঙলৰ পৃষ্ঠত গৰম বৃদ্ধি পাই তেতিয়াই পৃষ্ঠৰ আদ্ৰতা ভাপ হয় আৰু লোহাৰ সৈতে মিলিত হৈ বায়ুৰ সংস্পৰ্শত এনে মাশ্বৰুমৰ আকৃতি লয়।

    অৱশ্যে এতিয়াও কিছু বৈজ্ঞানিকৰ মতে এই মাশ্বৰুম আকৃতি সমূহ জ্বালামুখি উদ্গীৰণৰ বাবে হোৱা বুলি দাবী কৰে। এক কথাত কবলৈ গলে, দেখাত মাশ্বৰুমৰ দৰে হলেও, এই সমূহ মাশ্বৰুম নহয়। আনহাতে এই সমূহ কেৱল এটা ঠাইতে নাই, এক বৃহৎ বৃহৎ অঞ্চল ব্যাপি সৃষ্টি হৈছে এনে মাশ্বৰুম আকৃতিৰ।

    কালক্ৰমত এই মাশ্বৰুম সমূহৰ ভিতৰত থকা হেমেটাইড ফাটি যায় আৰু নোহোৱা হৈ মাশ্বৰুমটো। কিন্তু পুনৰ মঙলৰ পৃষ্ঠ গৰম হলে একেই সৃষ্টিৰ ৰচনা ঘটে। ইয়াৰ ওপৰত বৰ্তমানেও বৈজ্ঞানিকৰ পৰীক্ষা নিৰিক্ষাৰ অন্ত পৰা নাই। কিয়নো এতিয়াও সম্পূৰ্ণ সহমত হোৱা নাই ইয়াৰ উৎপত্তিৰ বিষয়টো লৈ।

    আৰু পঢ়ক : আছে নেকি আপোনাৰ তাত এই পুৰণি এটকীয়াটো, যদি আছে তেন্তে লৈ এতিয়াই হৈ পৰিব এটকাৰ পৰা লাখপতি

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং