মুছলপুৰ গ্ৰামীন বিকাশ বেংকত গ্ৰীল কাটি সোমাল চোৰ

আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰে গিজগিজাই থকাৰ পিচতো বেংকত গ্ৰীল কাটি চোৰে প্ৰৱেশ কৰিবলে পাৰিলে কেনেকৈ?

0
67

বাক্সাৰ মুছলপুৰত চাঞ্চল্যকৰ ঘটনা৷ মুছলপুৰ চহৰৰ মাজমজিয়াত অৱস্থিত মুছলপুৰ গ্ৰামীন বিকাশ বেংকত নিশা ধন লুটৰ চেষ্টা ৷ বেংকটোৰ প্ৰৱেশ দ্বাৰৰ গ্ৰীল কাটি বেংকটোত প্ৰৱেশ চোৰৰ ৷ আজি পুৱা বেংকৰ কৰ্মচাৰী অহাৰ সময়তে ঘটনাটো অৱগত হোৱাত হুৱাদুৱাৰ সৃষ্টি হয়৷ জানিব পৰা মতে বাক্সা জিলাৰ সদৰ মুছলপুৰ চহৰৰ মাজমজিয়াত অৱস্থিত গ্ৰামীন বিকাশ বেংকটোত নিশা প্ৰৱেশ দ্বাৰৰ ৰদ কাটি ভিতৰত চোৰে প্ৰৱেশ কৰি ধন লুটৰ চেষ্টা চলায়৷

চোৰে ভিতৰত প্ৰৱেশ কৰি বেংকটোৰ আচবাব কিছু ক্ষতি কৰাৰ লগতে মূল আলমিৰাটো খোলাৰ চেষ্টা কৰে ৷ যদিও আলমিৰাটো খুলিবলৈ সক্ষম নহ’ল৷ বেংকৰ কৰ্মচাৰী আজি পুৱা বেংকলৈ অহাৰ সময়তে বেংকটোৰ গ্ৰীল কাটি চোৰ প্ৰৱেশ কৰা বুলি জানিব পাৰে৷

পিচত ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷ পিচে প্ৰশ্ন হয় আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰে গিজগিজাই থকাৰ পিচতো বেংকত গ্ৰীল কাটি চোৰ কেনেকৈ প্ৰৱেশ কৰিলে? আনহাতে বেংকটোত আজিলৈ চিচি টিভিৰ ব্যৱস্থা নকৰাটোও ৰহস্যজনক ৷

Photo Credit: @nandaburathokichetry