31 C
Guwahati
Thursday, September 29, 2022
More

    এক ভয়ংকৰ ঘটনা ! গাত পেট্ৰল ঢালি নিজকে জ্বলাই দিলে মন্দিৰৰ পুৰোহিতে

    এক ভয়ংকৰ ঘটনা ! গাত পেট্ৰল ঢালি নিজকে জ্বলাই দিলে মন্দিৰৰ পুৰোহিতে

    জয়পুৰত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে।য’ত এজন পুৰোহিতে গাত পেট্ৰল ঢালি নিজকে জ্বলাই দিয়ে। স্থানীয় লোকে তেওঁক বচাবলৈ চেষ্টা কৰিছিল যদিও তেতিয়ালৈ ৬০ শতাংশ জ্বলি গৈছিল।

    দৰাচলতে মুৰলীপুৰা আৰক্ষী থানা অঞ্চলৰ শংকৰ বিহাৰত এটা লক্ষ্মী নাৰায়ণ মন্দিৰ আছে, য’ত মন্দিৰ সমিতিৰ সদস্যসকলে পুৰোহিত গিৰৰাজ শৰ্মাক মন্দিৰৰ পৰা আঁতৰাব বিচাৰিছিল।

    এই কাৰণে পূজাৰীজনক প্ৰতিদিনে হাৰাশাস্তি কৰিছিল । তেওঁৰ ওপৰত বিভিন্ন অভিযোগো আনিছিল। ফলস্বৰূপে পুৰোহিত গিৰৰাজ শৰ্মাই বৃহস্পতিবাৰে পুৱতি নিশা নিজকে জুইত জ্বলাই দিছিল।

    প্ৰাথমিক অনুসন্ধানৰ পৰা গম পোৱা যায় যে মন্দিৰ সমিতিৰ সদস্য আৰু শৰ্মাৰ মাজত বিবাদ হৈছিল। শৰ্মা যোৱা ২৫ বছৰ ধৰি তেওঁৰ পৰিয়ালৰ সৈতে মন্দিৰৰ চৌহদ খালীত বাস কৰি আছিল।

    শৰ্মাক মন্দিৰৰ চৌহদৰ পৰা আতৰি যাবলৈ মন্দিৰ সমিতিৰ সদস্যই কৈ আছিল। সেয়েহে শৰ্মাই বৃহস্পতিবাৰে ৰাতিপুৱা মন্দিৰ উন্নয়ন সমিতিৰ প্ৰাক্তন অধ্যক্ষ মূলচান্দ মানৰ ঘৰৰ বাহিৰত নিজকে জ্বলাই দিয়ে।

    ঘটনাৰ পিছতে পুৰোহিত জনক হাস্পতাললৈ লৈ যোৱা হয় আৰু তাতে বৰ্তমান চিকিৎসাধীন হৈ আছে। ঘটনাটোক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং