
৪ মহীয়া সন্তান এৰি আত্মহত্যা মাতৃৰ, হত্যাৰ সন্দেহ পৰিয়ালৰ। মাতৃৰ ফালৰ পৰিয়ালৰ অভিযোগ এটি কনমানি গাখীৰ খাই থকা সন্তান এৰি এগৰাকী মাতৃয়ে কেতিয়াও আত্মহত্যা কৰিব নোৱাৰে। এয়া পৰিকল্পিত হত্যা কাণ্ড।
ৰঙিয়া তিনিআলি ৯নং ৱাৰ্ডত সংঘটিত হৈছে বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনা । ৰিদিপ কলিতা নামৰ এগৰাকী ব্যক্তিৰ পত্নী ধৰিত্ৰী কলিতা(২১)ই আত্মহত্যা কৰে। এজনী ৪ মহীয়া কন্যা সন্তানৰ মাতৃ গৰাকীয়ে এনেদৰে আত্মহত্যা কৰা ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলজুৰি।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, যোৱা নিশা দুয়ো স্বামী-স্ত্ৰীৰ মাজত পাৰিবাৰিক তৰ্ক বিতৰ্ক হৈছিল । নিশা ১০ মান বজাত ৰিদিপ আৰু ধৰিত্ৰীৰ তৰ্ক বিতৰ্কৰ বাবে শাহুয়েকে ধৰিত্ৰীক কটু কথা শুনাইছিল।
এই ঘটনা সংঘটিত হোৱাৰ প্ৰায় ৩০ মিনিট মান আগত ধৰিত্ৰীৰ শাহুয়েকে ধৰিত্ৰীৰ মাকৰ লগত ফোনত কথা পাতি ধৰিত্ৰীক শাহুয়েকে লৈ যাব কৈছিল মাকৰ ঘৰলৈ।
ধৰিত্ৰীৰ পৰিয়ালে অভিযোগ কৰি কয় যে এইটো হত্যাকাণ্ড কিয়নো ৪ মহীয়া সন্তান এটা এৰি এজনী মাকে কেতিয়াও এনেকুৱা কাম কৰিব নোৱাৰে। এতিয়া পৰিয়ালৰ লোকে ঘটনাৰ উচিত তদন্ত হোৱাতো বিচাৰিছে।
ইতিমধ্যে পৰিয়ালে ৰঙিয়া আৰক্ষী থানাত এটা গোচৰ তৰিছে। আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ মৃতদেহটো বৰ্তমান মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।
Input and Photo- Trishna Das
আৰু পঢ়ক : নকল সোণৰ নাও সহ ৪ ধূৰ্ত আৰক্ষীৰ জালত