নৃশংস হত্যাকাণ্ড, সাধাৰণ কথাতেই সতীৰ্থ চালকে হত্যা কৰিলে প্ৰবীৰ কুমাৰ ৰায়ক

0
83
নৃশংস হত্যাকাণ্ড, সাধাৰণ কথাতেই সতীৰ্থ চালকে হত্যা কৰিলে প্ৰবীৰ কুমাৰ
প্ৰতিনিধিত্বমূলক ছবি

নৃশংস হত্যাকাণ্ড, সাধাৰণ কথাতেই সতীৰ্থ চালকে হত্যা কৰিলে প্ৰবীৰ কুমাৰ ৰায়ক

নৃশংস হত্যাকাণ্ড, সাধাৰণ কথাতেই সতীৰ্থ চালকে হত্যা কৰিলে প্ৰবীৰ কুমাৰ ৰায়ক। গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ডৰ ঘটনা। এক কাজিয়াৰ সূত্ৰপাত লৈ নৃশংস হত্যা এজন লোকক।

কাজিয়াৰ চৰম পৰিনীতিয়েই কাল হৈ মৃত্যু হল এজনৰ। এজন গাড়ী চালকে সতীৰ্থ চালকক লোৰ লিভাৰেৰে মূৰত উপৰ্যপূৰি প্ৰহাৰ কৰি নৃশংস ভাবে হত্যা কৰে।

এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে গুৱাহাটীৰ নুনমাটি থানাৰ অন্তৰ্গত চেক্তৰ-৩ ৰ অইল ট্ৰেংকাৰ পাৰ্কিং স্থানত। সতীৰ্থ গাড়ী চালক ৰঞ্জিত দাসৰ প্ৰহাৰত মৃত্য হয় প্ৰবীৰ কুমাৰ ৰায় নামৰ আন এজন গাড়ীৰ চালক।

জানিব পৰা মতে বৃহস্পতিবাৰে নিশা গাড়ী চালক প্ৰবীৰে কর্তব্য সমাধা কৰিবলৈ নুনমাটিৰ অইল ট্ৰেংকাৰ পাৰ্কিং স্থানলৈ আহি তাচ পাত খেলি আছিল। পূৰ্বৰ কাজিয়াৰ সূত্ৰ লৈ সতীৰ্থ ৰঞ্জিত দাস ৰ সৈতে প্ৰবীৰ কুমাৰ ৰয় এক কাজিয়াৰ সূত্ৰ পাত হয়।

পিছমুহূৰ্ততে সতীৰ্থ গাড়ী চালক ৰঞ্জিত দাসে অইল ট্ৰেংকাৰ এখনৰ পৰা লোৰ লিভাৰ এডাল লৈ পিছফালৰ পৰা আহি প্ৰবীৰক মূৰত উপৰ্যুপৰি প্ৰহাৰ কৰে। যাৰ ফলত ঘটনা স্থলীতে তেজেৰে লুতুৰী পুতুৰি ঢলি পৰে গুৰুতৰ ভাবে আঘাটপ্ৰাপ্ত প্ৰবীৰ ৰয়।

লগে লগে প্ৰবীৰ ৰায়ত সংকটজন অৱস্থাত উদ্ধাৰ কৰি নিকট গেট হাস্পাতালত ভৰ্তি কৰায়। পিছে ভৰ্তি কৰোৱাৰ ক্ষন্তেক পিছতেই চিকিৎসাধীন অৱস্থাত প্ৰবীৰে শেষ নিশ্বাস ত্যাগ কৰে। প্ৰবীৰৰ মৃত্যুৰ পিছত অঞ্চলটোত এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী এটা কন্যা সন্তানৰ পিতৃ প্ৰবীৰৰ মৃত্যুত পৰিয়ালটোত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে।

ইপিনে নুনমাটি আৰক্ষীয়ে হত্যাকাৰী ৰঞ্জিত দাসক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনাস্থলীৰ পৰা হত্যা কাণ্ডত ব্যৱহাৰ কৰা লোৰ লিভাৰ ডাল উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Input – Jayanta Das

আৰু পঢ়ক : দক্ষিণ ছিকিমত ভয়াবহ ভূমিস্খলন, এগৰাকী শ্ৰমিকৰ কৰুণ মৃত্যু, পাঁচগৰাকী সন্ধানহীন