28 C
Guwahati
Friday, September 17, 2021
More

    জন্মদিন উদযাপন কৰিম বুলি বিবাহিত কন্যাক মাতি আনি নিষ্ঠুৰতাৰে হত্যা কৰিলে পিতৃয়ে, ১৩ দিনৰ অন্ততহে সকলো সদৰি

    অতি পৰিকল্পিত ভাৱে নিজৰেই কন্যাক হত্যা কৰিলে পিতৃয়ে, হত্যাৰ ১৩ দিন পিছতহে সদৰি হয় সমগ্ৰ হত্যা কাণ্ডৰ কথা। কন্যাৰ জন্মদিন উদযাপন কৰিম বুলি মাতি নি বাটতে অপহৰণ কৰি পৰিকল্পিত ভাৱে হত্যা কৰে বিবাহিত কন্যাক।

    এই ঘটনা হাৰিয়ানাৰ। য’ত কন্যাই পৰিয়ালৰ বিৰুদ্ধে গৈ প্ৰেম বিবাহ কৰা বাবেই এইদৰে পৰিকল্পনা ৰচি হত্যা কৰে। একে গাঁৱৰে আৰু তাতে একে গোত্ৰৰে হোৱাৰ বাবেই এই বিবাহত সকলোৰে আপত্তি আছিল।

    পিছে তথাপি পৰিয়ালৰ বিৰুদ্ধে গৈ দুয়ো পলাই গৈ বিবাহ পাশত আৱদ্ধ হয়। আৰু গোপনে কোনো ঠাইত থাকিবলৈ লয়। যি কথাত কন্যাৰ পিতৃৰ খঙে প্ৰচণ্ড ৰূপ ধাৰণ কৰে আৰু হত্যাৰ বাবে পৰিকল্পনা কৰে।

    সেই উদ্দ্যশ্যেই ৭ জুলাই তাৰিখে থকা কন্যাৰ জন্মদিন উদযাপন কৰাৰ বাবে কন্যাক ফোন কৰি মাতে। সকলো কথা পাহৰি কন্যা আৰু জোৱাইক মানি লোৱা বুলি কৈ ফোন কৰি মাতে। সেই অনুসৰিয়েই কন্যাই পিতৃ গৃহলৈ বুলি আহে।

    কিন্তু বাটতে পিতৃয়ে কন্যাক অপহৰণ কৰি হত্যা কৰি বিল এটাত পেলাই থৈ ঘৰ যায়গৈ। ঘটনাৰ দিনৰে পৰা দুই এদিনৰ মূৰে মূৰে কন্যাৰ স্বামীয়ে ফোন কৰিয়ো কথা হব নোৱাৰে পত্নীৰ সৈতে। পিতৃয়ে প্ৰতিবাৰেই কয় কোনো কামত ব্যস্ত অথবা কাৰোবাৰ ঘৰত যোৱা বুলি।

    যি কথাত সন্দেহ হৈ আৰক্ষীকো সন্দেহৰ কথা কয়, আৰক্ষীয়ে সেই অনুসৰি ঘটনাৰ তদন্ত কৰি ২০ জুলাই তাৰিখে পিতৃক আটক কৰি সোধ পোচ কৰোতে পিতৃয়ে সৈ কাঢ়ে সকলো।

    অকপটে কয়, ৭ জুলাই তাৰিখে ঘৰেই গৈ নাপায়, বাটতে হত্যা কৰি পেলায় থৈ যায় কন্যাৰ মৃতদেহ। আৰু এইদৰে কন্যাৰ হত্যা কৰি কোনো পশ্চাতাপ নাই বুলি আৰক্ষীৰ আগত কয় হত্যাকাৰী পিতৃয়ে।

    আৰু পঢ়ক : সকলোকে লাগে অসমৰ ভূমি, মিজোৰামৰ পিছত এইবাৰ অৰুণাচলৰ আগ্ৰাসন

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং