লোমহৰ্ষক হত্যাকাণ্ড, এগৰাকী মহিলাই হত্যা কৰিলে এগৰাকী যুৱকক

0
628

লোমহৰ্ষক হত্যাকাণ্ড, এগৰাকী মহিলাই হত্যা কৰিলে এগৰাকী যুৱকক। নিশা তামুলপুৰৰ ১ নং ডোঙাৰগাঁৱত এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়।

হত্যাকাণ্ডক লৈ পৰৱৰ্তী সময়ত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। ঘটনা অনুসৰি সৰলা মণ্ডল নামৰ এগৰাকী মহিলাই গাঁওখনৰ আত্মীয়ৰ ঘৰত অহা ৰতন মণ্ডল নামৰ (৩৫) এজন লোকক চোকা অস্ত্ৰৰে হত্যা কৰি পথৰ কাষত পেলাই সেই স্থানৰ পৰা পলায়ন কৰে।

পৰৱৰ্তী সময়ত স্থানীয় একাংশ লোকে সৰলা মণ্ডল নামৰ মহিলা গৰাকীক বিচাৰি এচাম উত্তেজিত জনতাই সৰলা মণ্ডলকো গুৰুল গুৰুল কৈ প্ৰহাৰ কৰে।

পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ আগে আগে ঘটনাস্থলীত তামুলপুৰৰ, নাগ্ৰিজুলী আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি কিছু নিয়ন্ত্ৰণ কৰে।

লগতে তেজেৰে লুতুৰি-পুটুৰি হৈ পথৰ কাষত পৰি থকা ৰতন মণ্ডল নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি থানালৈ লৈ অনাৰ লগতে একাংশ লোকৰ প্ৰহাৰত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত মহিলা সৰলা মণ্ডলকো নাগ্ৰিজুলি আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰাই।

কিন্তু উগ্ৰজনতাৰ প্ৰহাৰত বেয়াকৈ জখম হৈ অৱস্থা কিছু জটিল হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে।

Input – Abhijit Talukdar