আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোঁতেই নদীত পৰি মৃত্যু কুখ্যাত অপৰাধী চানফুল আলীৰ

0
2037
আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোঁতেই নদীত পৰি মৃত্যু কুখ্যাত অপৰাধী

আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোঁতেই নদীত পৰি মৃত্যু কুখ্যাত অপৰাধী চানফুল আলীৰ

অসম আৰক্ষীৰ নিদ্ৰা হৰণ কৰা হাজোৰ কুখ্যাত অপৰাধী, ডকাইত, হত্যাকাৰী চানফুল আলীৰ মৃত্যু। আজি ৩ ডিচেম্বৰত হাজোত সংঘটিত এটা হত্যাকাণ্ডৰ গোচৰৰ তদন্ত কৰিবলৈ বাক্সালৈ লৈ যোৱাৰ সময়তে কামৰূপ আৰক্ষীৰ চকুত ধুলি দি পলাবলৈ লওঁতেই নদীৰ পানীত পৰি মৃত্যু হৈছে দুধৰ্ষ চানফুলৰ।

আৰক্ষীৰ তদন্তৰ সময়তে নৈত জাঁপ মাৰে কুখ্যাত অপৰাধী চানফুল আলীয়ে। এই ঘটনাৰ পিছতে আৰক্ষীয়ে ততাতয়াকৈ ডকাইতটোক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে চানফুলক।

অভিযোগ অনুসৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শতাধিক হত্যা আৰু ডকাইটি কাণ্ড সংঘটিত কৰিছিল চানফুলে আলীয়ে। ৰাজ্য তথা কামৰূপৰ কেইবাখনো আৰক্ষী থানাত গোচৰো ৰুজু হৈ আছিল চানফুলৰ বিৰুদ্ধে।

বৰ্তমান চানফুলৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰিছে কামৰূপ আৰক্ষীয়ে। উল্লেখ্য যে, ২৮ নবেম্বৰত হাজোৰ খোপনিকুছিত ছফিকুল আলী নামৰ এজন যুৱকক ৭-৮ জনীয়া এটা দুৰ্বৃত্তৰ দলে অপহৰণ কৰি যুৱকজনক ওলালগুৰিৰ খৈৰাবাৰিত হত্যা কৰি পেলাই থৈছিল। এই ঘটনাৰো মুল মাষ্টাৰ মাইণ্ড আছিল এইটো চালফুল আলী।

ইনপুট: মৃদুল প্ৰতীম ডেকা।

আৰু পঢ়ক : ভয়ংকৰ বায়ু প্ৰদূষণ, হাৰিয়ানাৰ চাৰিখন জিলাত শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা