ইৰফান খানৰ স্মৰণত চকুলো টুকিলে বলীউডেঃ ‘এতিয়াটো সময় আহিছিল তোৰ ভাই, ইতিহাসত লিখা হ’ল হয়’

অমিতাভ বচ্চনে টুইটাৰত লিখিলে যে ইৰফান খানৰ মৃত্যুৰ খবৰটো যথেষ্ট দুখজনক

0
69
প্ৰয়াত অভিনেতা ইৰফান খানলৈ বিশেষ সন্মান! গ্ৰহণ কৰিলে পুত্ৰ বাবিলে

যিটো সময়ত এটা মহামাৰীৰ সৈতে সমগ্ৰ ভাৰতে যুঁজ দি আছে তাৰ মাজতে মহানগৰী মুম্বাইৰ পৰা শোকাৱহ ঘটনা পোৰহলৈ আহে। নিজৰ অভিনয়েৰে যাদু কৰা অভিনেতা ইৰফান খান আৰু এই পৃথিৱীত নাই। বুধবাৰে মুম্বাইৰ এখন হাস্পতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰ। বহু সময় ধৰি তেওঁ কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছিল। ইৰফান খানৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰকে প্ৰতিগৰাকী লোকে শোকপ্ৰকাশ কৰে।

অমিতাভ বচ্চন, ৰাহুল গান্ধী, অৰবিন্দ কেজৰিৱাল, অক্ষয় কুমাৰ, অশোক গহলৌটসহ দেশৰ ডাঙৰ চেলিৱ্ৰিটীসকলে ইৰফান খানৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইটাৰযোগে লিখিলে যে ইৰফান খানৰ মৃত্যুৰ খবৰ শুনি যথেষ্ট দুখ অনুভৱ কৰিছো। তেওঁ এগৰাকী প্ৰতিভাশালী অভিনেতা আছিল। তেওঁ ভাৰতৰ এজন ব্ৰেণ্ড এম্ৱেছাডৰ আছিল। তেওঁক সদায় স্মৰণ কৰা হ’ব।

অমিতাভ বচ্চনে টুইটাৰত লিখিলে যে ইৰফান খানৰ মৃত্যুৰ খবৰটো যথেষ্ট দুখজনক। এজন প্ৰতিভাশালী অভিনেত আৰু সহকৰ্মী আছিল যিয়ে ছবিজগতত বিশেষ যোগদান দিছিল। তেওঁ আমাক খুব সোনকালে এৰি থৈ গ’ল আৰু অকশৰীয়া কৰি থৈ গ’ল।

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গহলোটে টুইটাৰত লিখিলে যে আটাইতকৈ প্ৰতিভাশালী অভিনেতাৰ ভিতৰত এজন ইৰফান খানৰ মৃত্যুৰ খবৰ যথেষ্ট দুখঃদায়ক। ভগবানে তেওঁৰ পৰিয়ালক শক্তি প্ৰদান কৰক।

ইৰফান খানৰ মৃত্যুত কবি কুমাৰ বিশ্বাসেও শোকপ্ৰকাশ কৰিলে। প্ৰথা, হাছিল দৰে আৰম্ভণি ছবিসমূহৰ পৰা বৰ্তমানলৈ ভাৰতীয় ছবিজগতৰ এজন প্ৰতিভাশালী অভিনেতা।

বলীউড অভিনেতা পৰেশ ৰাৱলেও ইৰফান খানক স্মৰণ কৰি টুইট কৰিলে। তেওঁ ক’লে ইৰফান তোমাৰ দৰে কোনো নহয়। ছবি পৰিচালক অনুভৱ সিনহায়েও টুইট কৰিলে।

Photo credit: opindia.com