মুম্বাই এন চি বিৰ বৃহৎ সফলতা! মুম্বাই আৰু গুজৰাটৰ পৰা ১২০ কোটি টকাৰ ড্ৰাগছ জব্দ

0
33

মুম্বাই এন চি বিৰ বৃহৎ সফলতা! মুম্বাই আৰু গুজৰাটৰ পৰা ১২০ কোটি টকাৰ ড্ৰাগছ জব্দ

সমগ্ৰ দেশতে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। মুম্বাইৰ নাৰ্কোটিক কণ্ট্ৰোল ব্যুৰো (NCB)য়ে দেশত ড্ৰাগছৰ বৰ্ধিত ব্যৱসায়ৰ ওপৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।

এইবাৰ পুনৰ এনচিবিয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৱে এই অভিযানটোৰ সময়ত ৬০ কিলোগ্ৰাম এমডি ড্ৰাগছ জব্দ কৰিছে।

উদ্ধাৰ হোৱা ড্ৰাগছবোৰৰ ভিতৰত গুজৰাটৰ জামনগৰৰ পৰা ১০ কিলোগ্ৰাম আৰু মুম্বাইৰ পৰা ৫০ কিলোগ্ৰাম জব্দ কৰা হয়।

ঘটনাটোৰ সন্দৰ্ভত তথ্য প্ৰদান কৰি এনচিবিৰ উপ-ডিজি এছ কে সিঙে কয় যে একে মুম্বাই আৰু গুজৰাটৰ জামনগৰৰ পৰা এই বৃহৎ পৰিমাণ ড্ৰাগছ খিনি জব্দ কৰা হৈছে।

এই সন্দৰ্ভত ছয়জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এছ কে সিঙে কয় যে মুম্বাই আৰু জামনগৰত উদ্ধাৰ হোৱা ড্ৰাগছ খিনি একেটা দলৰে।

গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী সকলৰ মাজৰ এজন পাইলট বুলি জানিব পৰা গৈছে। জব্দ হোৱা ড্ৰাগছ খিনিৰ আন্তৰ্জাতিক বজাৰত প্ৰায় মূল্য ১২০ কোটি মান হ’ব বুলি অনুমান কৰা হৈছে।

জানিব পৰা মতে ২ টা বছৰত এই ৰেকেটটোৱে বজাৰত ২৫০ কিলোত কৈও বেছি ড্ৰাগছ বিক্ৰী কৰিছে।