ভয়ংকৰ অগ্নিকাণ্ড ! অগ্নিকাণ্ডৰ পৰা ৰক্ষা পাবলৈ বেলকনিত আশ্ৰয় যুৱকৰ, ভিডিঅ ভাইৰেল

0
215

ভয়ংকৰ অগ্নিকাণ্ড ! অগ্নিকাণ্ডৰ পৰা ৰক্ষা পাবলৈ বেলকনিত আশ্ৰয় যুৱকৰ, ভিডিঅ ভাইৰেল

মুম্বাইৰ মালাড অঞ্চলৰ এটা আৱাসিক ভৱনত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। এটা বহুমহলীয়া অট্টালিকাত এই অগ্নিকাণ্ড সংঘটিত হয়। ঘটনাস্থলীত কেইবাখনো অগ্নিনিৰ্বাপক গাড়ী উপস্থিত হৈছে।অগ্নি নিৰ্বাপক বাহিনীয়ে বৰ্তমানেও জুই নুমুৱাবলৈ চেষ্টা কৰি আছে।

জানিব পৰা মতে এই অট্টালিকাটোত ২১ মহলা আছে।আৰু অগ্নিকাণ্ডটো তৃতীয় মহলাত সংঘটিত হৈছে। অট্টালিকাটো মালাড পশ্চিমৰ জনকল্যাণ নগৰ মালবাণী অঞ্চলত অৱস্থিত। তথ্য অনুসৰি, ৪ খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে।

অৱশ্যে অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই। সামাজিক মাধ্যমত অট্টালিকাটোত অগ্নিকাণ্ডটোৰ সময়ৰ এটা ভিডিঅ’ভাইৰেল হৈছে। য’ত দেখিবলৈ পোৱা গৈছে যে অট্টালিকাটোত জুই লাগি আছে । আৰু এজন লোকে অট্টালিকাটোৰ বেলকনিত সহায়ৰ বাবে বহি আছিলে।