24 C
Guwahati
Saturday, May 21, 2022
More

    লতা মংগেস্কাৰৰ চিকিৎসাৰ বাবে নিজৰ সমষ্ট উপাৰ্জন দান দিলে মুম্বাইৰ অট’ চালকে

    ক’ভিড আৰু নিউমোনিয়াত আক্ৰান্ত হৈ মুম্বাইৰ এখন হস্পিটেলত চিকিৎসাধীন হৈ থকা দেশৰ বিশিষ্ট কণ্ঠশিল্পী লতা মংগেস্কাৰৰ চিকিৎসাৰ বাবে নিজৰ সমষ্ট উপাৰ্জন উৎসৰ্গা কৰিছে মুম্বাইৰ এজন অট’চালকে।

    সত্যান গীতে নামৰ অট’চালকজনে নিজৰ অট’খন লতা মংগেস্কাৰৰ ফটো আৰু কিছু গীতেৰে সজাই তুলি বিশিষ্ট কণ্ঠশিল্পী গৰাকীৰ আশু আৰোগ্য কামনা কৰে।

    সত্যান গীতে তেওঁ অট’  চলাই উপাৰ্জন কৰা সাচতীয়া ধন লতা মংগেস্কাৰৰ চিকিৎসাৰ বাবে দান কৰাৰ পাছতে অট’ চালকজনৰ এই মহানুভৱতাক সকলোৱে উচ্চ প্ৰসংশা কৰিছে।

    উল্লেখযোগ্য যে, দেশৰ বিশিষ্ট কণ্ঠশিল্পী লতা মংগেস্কাৰে প্ৰথমে ক’ভিডত আক্ৰান্ত হৈ মুম্বাইৰ এখন হস্পিটেলত ভৰ্তি হ’বলগীয়া হয়।

    বৰ্তমানো হস্পিটেলৰ আই চি য়ুতে আছে বিশিষ্ট কণ্ঠশিল্পী গৰাকী।

    লতা মংগেস্কাৰক চিকিৎসা আগবঢ়াই থকা চিকিৎসক সকলে কণ্ঠশিল্পী গৰাকীৰ আশু আৰোগ্য কামনাৰ বাবে সকলোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ কয়।

    আনহাতে, লতা মংগেস্কাৰ চিকিৎসাধীন হৈ থকাৰ পাছৰে পৰা মুম্বাইৰ লগতে দেশৰ বিভিন্ন স্থানত তেওঁৰ আশু আৰোগ্য কামনাৰে পূজা-অৰ্চনা কৰা হৈছে।

    আৰু পঢ়ক : কোলাত নিজৰ সন্তানক লৈ আত্মহত্যা এগৰাকী মাতৃৰ, চাম্পুপাৰাত চাঞ্চল্য

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং