শনিবাৰৰ পাকিস্তান ছুপাৰ লীগৰ মেচত কেইবাটাও বিশ্ব অভিলেখ, জানো আহক

0
4756

শনিবাৰে পাকিস্তান ছুপাৰ লীগত কোৱেটা গ্লেডিয়েটৰ্ছ আৰু মুলতান চুলতানছৰ মাজত অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ মেচখনত কেইবাটাও অভিলেখৰ সৃষ্টি হয়।

এই খেলখনত প্ৰথমে বেটিং কৰি মুলতানে নিৰ্ধাৰিত ২০ অভাৰত ৩ টা উইকেট হেৰুৱাই ২৬২ ৰান সংগ্ৰহ কৰে।

এইটো পাকিস্তানৰ মাটিত যিকোনো টি-২০ খেলৰ ইনিংছৰ সৰ্বোচ্চ স্ক’ৰ আছিল।

অপেনাৰ উছমান খানে মুলতানক এই বিশাল স্ক’ৰলৈ লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ ২৭৯.০৭ ষ্ট্ৰাইক ৰেটৰ সৈতে ১২ টা চাৰি আৰু ৯ টা ছয়ৰ সহায়ত ৪৩ টা বলত ১২০ ৰানৰ বিস্ফোৰক ইনিংছ খেলে।

উছমানে ৩৬ টা বলত তেওঁৰ শতক সম্পূৰ্ণ কৰে, যিটো পাকিস্তান ছুপাৰ লীগৰ যিকোনো বেটছমেনৰ দ্বাৰা সংগ্ৰহ কৰা দ্ৰুততম শতক।

ইফালে কোৱেটা গ্লেডিয়েটৰ্ছৰ হৈ কাইছ আহমেদে টি-২০ ক্ৰিকেটৰ ইতিহাসত আটাইতকৈ ব্যয়বহুল স্পেল কৰে। তেওঁ তেওঁৰ ৪ অভাৰৰ স্পেলত ২ উইকেটত ৭৭ ৰান ব্যয় কৰে।

বিশাল লক্ষ্যৰ পিছা কৰা কোৱেটা গ্লেডিয়েটৰ্ছ দলৰ আৰম্ভণি ভাল নাছিল। যোৱা মেচখনত ১৪৫ ৰাণৰ বিস্ফোৰক ইনিংছ খেলা জেচন ৰয় মাত্ৰ ৬ ৰান কৰি আউট হয়।

ইয়াৰ পিছত, মাৰ্টিন গাপ্টিলে ১৪ টা বলত ৩৭ ৰান, ওমাইৰ ইউচুফে ৩৬ টা বলত ৬৭ ৰান কৰি দলক নিৰ্ধাৰিত লক্ষ্যৰ দিশে লৈ যায়। ইয়াৰ পিছত, ইফতিখাৰ আহমেদেও ৩১ টা বলত ৫৩ ৰান সংগ্ৰহ কৰে যদিও দলক জয়ী কৰাব নোৱাৰিলে।

কোৱেটাৰ দলটোৱে ২০ অভাৰত ৮ টা উইকেট হেৰুৱাই ২৫৩ ৰান কৰাত তেওঁলোকে ৯ ৰানত পৰাজয়ৰ সন্মুখীন হ’ব লগা হয়।

মেচখনত আব্বাছ আফ্ৰিদীয়ে হেট্ৰিক লয়। এই পৰাজয়ৰ সৈতে, কোৱেটা গ্লেডিয়েটৰ্ছ দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়।

টি-২০ ক্ৰিকেটৰ ইতিহাসত এইটো প্ৰথম বাৰৰ বাবে যে এটা দলে টাৰ্গেট পিছা কৰি ২৫০ তকৈ অধিক ৰান সংগ্ৰহ কৰাৰ পিছতো পৰাজিত হৈছে।

আনহাতে ইয়াৰ পূৰ্বে, এখন মেচত দুয়োটা দলে মিলি সৰ্বাধিক ৰান সংগ্ৰহ কৰাৰ বিশ্ব অভিলেখ চিএছএ টি-২০ চেলেঞ্জত টাইটানছ আৰু নাইটছ দলৰ নামত আছিল।২০২২ চনত, দুয়োটা দলে একেলগে মুঠ ৫০১ ৰান সংগ্ৰহ কৰিছিল।

টি-২০ মেচত দুয়োটা দলে মিলি কৰা সৰ্বাধিক ৰান

৫১৫ – মুলতান চুলতান বনাম কোৱেটা গ্লেডিয়েটৰ্ছ ২০২৩

৫০১ – টাইটানচ বনাম নাইটচ ২০২২

৪৯৭ – ওটাগো বনাম চেণ্ট্ৰেল ডিষ্ট্ৰিক্স ২০১৬

৪৯৩ – ট্ৰিনবাগো বনাম তালৱাহ ২০১৯

৪৮৯ – ভাৰত বনাম ৱেষ্ট ইণ্ডিজ ২০১৬