মুক্ৰ’ সংঘৰ্ষ : অমিত শ্বাহৰ সৈতে আলোচনা কৰিবলৈ দিল্লীলৈ যাব মেঘালয়ৰ মুখ্যমন্ত্ৰী

0
54

২২ নৱেম্বৰৰ পুৱতি নিশা পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তৰ জিৰিকিডিঙৰ মুক্ৰ’ত সংঘটিত গুলীচালনাৰ ঘটনা সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ নেতৃত্বত মন্ত্ৰীসভাৰ এটা প্ৰতিনিধি দলে বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিবলৈ দিল্লীলৈ যাব।

লাভ কৰা তথ্য অনুসৰি, মেঘালয়ৰ প্ৰতিনিধি দলটোৱে আজি সন্ধিয়া গৃহমন্ত্ৰী শ্বাহক সাক্ষাৎ কৰিব।

উল্লেখ্য যে, মঙলবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত অসম-মেঘালয় সীমান্তত অসম আৰক্ষী আৰু বন বিভাগৰ এটা দলে অবৈধ কাঠ সৰবৰাহ কৰা এখন ট্ৰাক জব্দ কৰিছিল।

কিন্তু পৰৱৰ্তী সময়ত ট্ৰাকখন পলাবলৈ চেষ্টা কৰাৰ সময়তে বনৰক্ষী বাহিনীয়ে ট্ৰাকখনলৈ গুলীচালনা কৰি এটা টায়াৰ পাংচাৰ কৰে। লগে লগে ট্ৰাকখনৰ চালক, হেণ্ডিমেন আৰু আন এজন ব্যক্তিক আটক কৰাৰ বিপৰীতে আন কিছুমানে পলায়ন কৰিবলৈ সক্ষম হয়।

পৰৱৰ্তী পৰ্যায়ত কাঠভৰ্তি ট্ৰাকখন আৰু আটক কৰা লোক কেইজনক এৰি দিয়াৰ দাবীত মেঘালয়ৰ শতাধিক খাচী লোকে হাতে হাতে দা, যাঠি-জোং লৈ খেদি আহে অসমৰ আৰক্ষী আৰু বন কৰ্মীৰ দলটোক। 

এই উত্তেজনাময় পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে আক্ৰমণকাৰী লোক কেইজনক লক্ষ্য কৰি গুলীচালনা কৰে। আৰু এই গুলীচালনাতে পাঁচজন খাচী লোক নিহত হোৱাৰ বিপৰীতে খাচী লোকৰ আক্ৰমণত এজন বনকৰ্মীয়ে প্ৰাণ হেৰুৱায়।