28 C
Guwahati
Wednesday, April 21, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    মুম্বাই নে মুকেশ আম্বানীৰ বাসভৱনৰ ধ্বংসৰ পৰিকল্পনা! বাসভৱনৰ সমুখতে বাহনসহ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

    মুম্বাই নে মুকেশ আম্বানীৰ বাসভৱনৰ ধ্বংসৰ পৰিকল্পনা! বাসভৱনৰ সমুখতে বাহনসহ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ। মুকেশ আম্বানীৰ বাসভৱন এণ্টিলিয়াৰ কাষতে বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হৈছে।

    মুম্বাইৰ কাৰ মাইকেল পথত থকা বাসভৱনৰ ওচৰতে এখন স্কৰপিঅ’ বাহন সহ ২০ডাল জিলেটিন ষ্টিক উদ্ধাৰ কৰিছে আৰক্ষীয়ে। মুম্বাইৰ গৃহ মন্ত্ৰী অনিল দেশমুখে প্ৰকাশ কৰিছে এই কথা।

    বিস্ফোৰক খিনি উদ্ধাৰৰ পিছতে আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। সুৰক্ষা বেষ্টনীৰে গিজগিজাই থকা এক পৰিৱেশৰ মাজতো কোনো এনেদৰে বাহন এখন থৈ অন্তৰ্ধান হ’ল সেয়া হে ৰহস্যৰ আৱৰ্তত। মাজ নিশা প্ৰায় ২ মান বজাত এনেদৰে কোনোৱে বাহন খন এৰি থৈ যায়।

    উল্লেখ্য যে, আম্বানী পৰিয়াল বাস কৰা এণ্টিলিয়া হৈছে বিশ্বৰ আটাইতকৈ ব্যয়বহুল বাসভৱনৰ অন্যতম।

    আৰু পঢ়ক : দেহত শেষ বিন্দু তেজ থকালৈ কোনো ৰাজনৈতিক দলত যোগদান নকৰো- বিপিন চাউদাং

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published