বিশ্বৰ ১০ গৰাকী ধনী ব্যক্তিৰ তালিকাত নৱম স্থানত মুকেশ আম্বানী

ভাৰতৰ প্ৰথমটো প্ৰতিষ্ঠান হিচাপে ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডে ১০ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰাৰ লগে লগে ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ মূৰব্বী মুকেশ আম্বানিৰ সম্পত্তিৰ পৰিমাণ ৬০.৫ বিলিয়ন ডলাৰলৈ বৃদ্ধি পায়

0
702
এচিয়াৰ সবাতোকৈ ধনী ব্যক্তিৰ তালিকাত মুকেশ আম্বানীৰ স্থান দ্বিতীয়
Photo Credit: Forbes India

মুকেশ আম্বানী। নামেই যাৰ পৰিচয়। ধনী মানুহ বুলি ক’লেই ভাৰতীয় মানুহৰ প্ৰথম মনলৈ অহা মানুহগৰাকী হ’ল মুকেশ আম্বানী। এইবাৰ মুকেশ আম্বানীয়ে গঢ়িলে আন এক অভিলেখ। ফৰ্বচে প্ৰস্তুত কৰা বিশ্বৰ ১০ গৰাকী ধনী ব্যক্তিৰ তালিকাত নৱম ধন্যাঢ্য ব্যক্তি হিচাপে পৰিগণিত হৈছে মুকেশ আম্বানী। বৃহস্পতিবাৰে ভাৰতৰ প্ৰথমটো প্ৰতিষ্ঠান হিচাপে ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডে ১০ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰে।

ইয়াৰ লগে লগে ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ মূৰব্বী মুকেশ আম্বানীৰ সম্পত্তিৰ পৰিমাণ ৬০.৫ বিলিয়ন ডলাৰলৈ বৃদ্ধি পায়। ইয়াৰ ফলত গুগলৰ প্ৰতিষ্ঠাপক লেৰী পেজ আৰু ছাৰ্গেই বিনক অতিক্ৰমী মুকেশ আম্বানী বিশ্বৰ ধনী মানুহৰ তালিকাত নৱম স্থানত উপনীত হ’বলৈ সক্ষম হয়। যোৱা মাৰ্চ মাহৰ পৰা বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাত চাৰিটা স্থানত আগুৱাবলৈ সক্ষম হয় মুকেশ আম্বানী। উল্লেখ্য যে এমাজনৰ প্ৰতিষ্ঠাপক জেফ বিজছ ১১৩ বিলিয়ন ডলাৰৰ সম্পত্তিৰে তালিকাৰ শীৰ্ষস্থানত আছে।