মুস্তাক আলী ট্ৰফীৰ বাবে অসম দল ঘোষণা; ৰিয়ান নহয় দলক নেতৃত্ব দিব মৃণ্ময় দত্তই

0
98
প্ৰতিনিধিত্বমূলক চিত্ৰ

২০২২-২৩ বৰ্ষৰ চৈয়দ মুস্তাক আলী টি-২০ ট্ৰফীৰ বাবে শুকুৰবাৰে অসম ক্ৰিকেট সন্থাই নিজৰ ১৫ জনীয়া দলটো ঘোষণা কৰিছে।

অহা ১০ অক্টোবৰত বিদৰ্ভৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিবলগীয়া অসম দলক নেতৃত্ব প্ৰদান কৰিব মৃণ্ময় দত্তই।

প্ৰতিযোগিতাখনৰ এ গ্ৰুপত স্থান লাভ কৰা অসমৰ দলটো হৈছে- মৃণ্ময় দত্ত (অধিনায়ক), শুভম মণ্ডল, ৰিষভ দাস, ৰিয়ান পৰাগ, ডেনিছ দাস, নিহাৰ নৰহ, ৱাছিকুৰ ৰহমান (উইকেটকীপাৰ), সুমীত ঘাদীগাঁওকাৰ (উইকেটকীপাৰ), ৰাহুল হাজৰিকা, ধৰণী ৰাভা, মুখতাৰ হুছেইন, অভিনৱ চৌধুৰী, ৰোছন আলন, নিপন ডেকা আৰু ৰাজাকুদ্দিন আহেমদ।

ইফালে আন ৯ গৰাকী ক্ৰিকেটাৰক ষ্টেণ্ডবাই হিচাপে ৰখা হৈছে।

ইফালে মুখ্য প্ৰশিক্ষকৰ দায়িত্ব প্ৰদান কৰিছে ট্ৰেভৰ গঞ্জালভেছক। সহকাৰী প্ৰশিক্ষকৰ দায়িত্বত থাকিব ছলালি সিনহা আৰু শুভ্ৰজিত শইকীয়া।

গুজৰাটৰ ৰাজকোটত হ’ব অসমৰ আটাই কেইখন মেচ।

অসমে খেলিবলগীয়া মেচৰ সবিশেষ-

অসম বনাম বিদৰ্ভ- ১০ অক্টোবৰ

অসম বনাম উত্তৰাখণ্ড- ১২ অক্টোবৰ

অসম বনাম মুম্বাই- ১৪ অক্টোবৰ

অসম বনাম মিজোৰাম- ১৬ অক্টোবৰ

অসম বনাম ৰেইলৱেছ- ১৮ অক্টোবৰ

অসম বনাম ৰাজস্থান- ২০ অক্টোবৰ

অসম বনাম মধ্যপ্ৰদেশ- ২২ অক্টোবৰ