26 C
Guwahati
Tuesday, September 27, 2022
More

    বিজেপি সাংসদ তাপিৰ গাওৰ নিখোজ ভাতৃক পাণবজাৰৰ হোটেলত উদ্ধাৰ

    শুকুৰবাৰে গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ পৰা সন্ধানহীন হোৱা অৰুণাচল প্ৰদেশৰ বিজেপি সাংসদ তাপিৰ গাৱৰ ভাতৃক অৱশেষত পাণবজাৰৰ মিনাৰ্ভা হোটেলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

    সাংসদগৰাকীৰ ভাতৃগৰাকীক উদ্ধাৰ কৰি আৰক্ষীয়ে দিছপুৰ থানালৈ লৈ আহি সোধা পোচা অব্যাহত ৰাখিছে।

    শুকুৰবাৰৰ বিয়লিৰ পৰা কিয় মোবাইল অফ কৰি আত্মগোপন কৰি আছিল সেই কথা জানিব পৰা নাই যদিও সাংসদ ভাতৃগৰাকীৰ লগত থকা ৫ লাখ টকা কোনো দুষ্ট চক্ৰই লৈ যোৱা বুলি জানিব পৰা গৈছে।

    ইফালে ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে এ এছ ২৫ চিচি ১০৯২ নম্বৰৰ কেবৰ গাড়ীৰ সৈতে চালকজনক আটক কৰিছে।

    দিছপুৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ কুমাৰ শইকীয়াই এই সন্দৰ্ভত আমাৰ সৈতে ফোনযোগে কথা পাতি কয়, ‘সাংসদ ভাতৃ নিৰুদ্দেশ হোৱাৰ বিষয়ে আমাক তেওঁৰ পৰিয়ালে অভিযোগ দিছিল আৰু সেই অভিযোগৰ ভিত্তিতে আমি অভিযান চলাই তেওঁক উদ্ধাৰ কৰিছো’।

    আৰক্ষী বিষয়াগৰাকীয়ে লগতে এই কথাও কয় যে তেওঁলোকে ঘটনাৰ সৈতে জড়িত এজন লোকক আটক কৰিছে আৰু টকাখিনি উদ্ধাৰৰ চেষ্টা চলাই আছে।

    উল্লেখ্য যে, সাংসদগৰাকীৰ ভাতৃ তাহং গাওৱে নিজৰ ব্যক্তিগত তথা ব্যৱসায়ী কাম-কাজৰ উদ্দেশ্যেৰে ২৮ জুলাই অৰ্থাত বৃহস্পতিবাৰে অৰুণাচলৰ পৰা গুৱাহাটীলৈ আহিছিল।

    জানিব পৰা মতে, ভতিজাকৰ সৈতে গুৱাহাটীত থকা তাহাঙে শুকুৰবাৰে গণেশগুৰিলৈ ওলাই আহি বন্ধু এজনৰ সৈতে ফোনযোগে যোগাযোগ কৰি সাক্ষাত কৰে।

    চাৰিচকীয়া বাহনেৰে গণেশগুৰিলৈ অহা বন্ধুজনৰ সৈতে কথা পাতি তাহাঙে গাড়ীখনত উঠি বন্ধুৰ সৈতে গণেশগুৰিৰ পৰা লাষ্ট গেট এলেকা হৈ খানাপাৰাৰ দিশে ৰাওনা হয়।

    কিন্তু ইয়াৰ পিছৰে পৰা অৰ্থাত বিয়লি ৩.৩০ বজাৰ পৰা তাহাঙৰ মোবাইলটো বন্ধ হৈ পৰে।

    মোবাইল বন্ধ থকাত তাহাঙৰ পৰিয়ালৰ লোক উদ্বিগ্ন হৈ পৰে আৰু পিছত দিছপুৰ আৰক্ষী থানাৰ কাষ চাপি নিৰুদ্দেশ সন্দৰ্ভত অভিযোগ দাখিল কৰিছিল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং