26 C
Guwahati
Thursday, September 16, 2021
More

    দুৰাৰোগ্য ৰোগত আক্ৰান্ত ঋতুমণিৰ চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব ল’লে সাংসদ তপন কুমাৰ গগৈয়ে

    শিৱসাগৰ হাঁহচৰা সন্দিকৈ গাঁৱৰ মেধাবী ছাত্ৰী ঋতুমণি হাজৰিকা দীৰ্ঘদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ থকাৰ কথা বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হৈ আহিছে।

    ইয়াৰ পিছতে ঋতুমণিক সহায় কৰিবলৈ আগবাঢ়ি আহিল যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ। ঋতুমণি হাজৰিকা প্ৰায় দুবছৰ ধৰি শয্যাশায়ী হৈ আছিল। কিন্তু পৰিয়ালৰ আৰ্থিক দুৰৱস্থাৰ বাবে ঋতুমণিক ভালদৰে চিকিৎসা কৰাব পৰা নাছিল ।

    ইয়াৰ পিছতে আজি সাংসদ তপন কুমাৰ গগৈ ঋতুমণিৰ ঘৰত উপস্থিত হৈ স্বাস্থ্যৰ বুজ লৈ চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰে। এম্বুলেঞ্চৰ যোগেদি ঋতুমণিক চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ এখন নাৰ্ছিংহোমখনলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰাৰ লগতে চিকিৎসাৰ সময়ত থকা–খোৱা খৰচৰ বাবদ ঋতুমণিৰ পৰিয়ালৰ হাতত নগদ ৫০ হাজাৰ টকা প্ৰদান কৰে।

    লগতে কয় যে ঋতুমণিৰ চিকিৎসাৰ বাবে সম্পূৰ্ণ খৰচ বহন কৰিব তপন কুমাৰ গগৈয়ে।

    উল্লেখ্য যে ঋতুমণি প্ৰায় ২ বছৰ ধৰি ৰোগত আক্ৰান্ত হৈ দুৰাৰোগ্য ৰোগত। মেধাৱী ছাত্ৰী গৰাকীৰ চিকিৎসাৰ বাবে সাংসদ গৰাকী আগবাঢ়ি অহাৰ পিছতেই পৰিয়ালৰ লোকে কিছু সকাহ পাইছে।

    আৰু পঢ়ক : অযোধ্যা বিবাদ! ২.৫ কোটি টকাত বিক্ৰী কৰিলে ২০ লাখৰ মাটি

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং