24 C
Guwahati
Friday, December 3, 2021
More

    বিৰল প্ৰেমৰ নিদৰ্শন! নিজ পত্নীক তাজমহল সদৃশ ঘৰ উপহাৰ দিলে এজনে,নিৰ্মাণত আহিছিল বহু প্ৰত্যাহ্বান

    বিৰল প্ৰেমৰ নিদৰ্শন! নিজ পত্নীক তাজমহল সদৃশ ঘৰ উপহাৰ দিলে এজনে,নিৰ্মাণত আহিছিল বহু প্ৰত্যাহ্বান

    প্ৰেমৰ নামত বহুলোকে অসাধ্য সাধন কৰে।নিজৰ ভালপোৱা জনৰ বাবে কেতিয়াবা বহু আচৰিত কাম কৰাও দেখা যায়।

    ইয়াৰ মাজতে মধ্যপ্ৰদেশৰ পৰা এক এনেধৰণৰ খবৰ পোহৰলৈ আহিছে। মধ্যপ্ৰদেশৰ এজন ব্যক্তিয়ে প্ৰেমৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ নিজ পত্নীক আগ্ৰাৰ তাজমহলৰ দৰে এটি ঘৰ উপহাৰ দিয়ে। ইয়াৰ পিছতেই ছ’চিয়েল মিডিয়াত এই খবৰে তীব্ৰ চৰ্চা লাভ কৰিছে।

    ৰাষ্ট্ৰীয় মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি মধ্যপ্ৰদেশৰ বুৰহানপুৰৰ নিবাসী আনন্দ চৌক্ষী নামৰ লোকজনে নিজ পত্নী মঞ্জুশা চৌক্ষীৰ বাবে তাজমহল সদৃশ এটি ঘৰ সাজি উলিয়াই।এই ঘৰটো নিৰ্মাণ হোৱাট প্ৰায় ৩ বছৰ সময়ৰ প্ৰয়োজন হয়।

    আনন্দই আগ্ৰাৰ তাজমলৰ বিষয়ে অতি ভালদৰে অধ্যয়ন কৰি এই ঘৰটো সাজি উলিয়াই। এই ঘৰটোত ৪ টা শোৱনী কোঠা আছে। এই ঘৰটো নিৰ্মাণ কৰাত অভিযন্তা সকলেও বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়।

    এই ঘৰটোত এটা হল, দুটা শোৱনী কোঠা তলৰ মহলাত, দুটা শোৱনী কোঠা ওপৰৰ মহলাত, এটা পুঁথিভৰাল আৰু যোগ কোঠা এটা আছে।

    আৰু পঢ়ক : ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত, এতিয়াৰে পৰা APSC পৰীক্ষাত নাথাকিব ভাষা বিষয়

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং