প্ৰতিবাদ কৰি ৰাজ্যসভাৰ পৰা নিলম্বিত হ’ল সাংসদ অজিত কুমাৰ ভূঞা

0
202

এসপ্তাহৰ বাবে ৰাজ্যসভাৰ পৰা নিলম্বিত হ’ল সাংসদ অজিত কুমাৰ ভূঞা। হাতত প্লে’কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবেই আজি সাংসদগৰাকীক নিলম্বন কৰা হয়।

বান সমস্যাৰ স্থায়ী সমাধান আৰু ৬ নং দফাৰ কমিটিৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ দাবীত সাংসদগৰাকীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল।

অহা এসপ্তাহৰ বাবে নিলম্বন হোৱা বুলি সাংসদ ভূঞাই টুইটযোগে নিজেই এই কথা জানিবলৈ দিয়ে।

বান সাহায্যৰ নামত অসমক ললিপপ নিদিব, অসমীয়া লোকৰ সাংবিধানিক সুৰক্ষা ক’ত আৰু ৬ নং দফাৰ কমিটিৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ দাবীত প্লে’কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবেই অজিত কুমাৰ ভূঞাক এসপ্তাহৰ বাবে নিলম্বন কৰা হয় বুলি কয় সাংসদগৰাকীয়ে।

উল্লেখ্য যে সাংসদগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে বৰ্তমানৰ চৰকাৰখনে জনসাধাৰণক ভুৱা প্ৰতিশ্ৰুতিৰে কেৱল ঠগি আহিছে।