‘মুভিং ইন উইথ মালাইকা’ শ্ব’ত মালাইকাই প্ৰথমবাৰৰ বাবে খুলিলে মুখ; বিবাহ বিচ্ছেদৰ আঁৰৰ সকলো কাৰণ শ্বেয়াৰ কৰিলে

0
7808

‘মুভিং ইন উইথ মালাইকা’ শ্ব’ত মালাইকাই প্ৰথমবাৰৰ বাবে খুলিলে মুখ; তেওঁ আৰবাজ খানক বিয়াৰ প্ৰস্তাৱ দিছিল, বিবাহ বিচ্ছেদৰ আঁৰৰ সকলো কাৰণ শ্বেয়াৰ কৰিলে

২০১৮ চনত মালাইকা আৰোৰা আৰু আৰবাজ খানৰ আনুষ্ঠানিক বিবাহ বিচ্ছেদ হয়। এতিয়ালৈকে দুয়োটা পক্ষৰ পৰা কোনো এজনেও তেওঁলোকৰ বিচ্ছেদৰ কাৰণ উত্থাপন কৰা নাই। ‘মুভিং ইন উইথ মালাইকা’ শ্ব’ত মালাইকাই প্ৰথমবাৰৰ বাবে মেলিলে মুখ।

অ’টিটিত আৰম্ভ হৈছে মালাইকা অৰোৰাৰ ৰিয়েলিটি শ্ব’ ‘মুভিং ইন উইথ মালাইকা’। এই শ্ব’ত মালাইকাৰ প্ৰথম অতিথি আছিল পৰিচালক ফাৰাহ খান। তাতে তেওঁ প্ৰাক্তন স্বামী আৰবাজৰ কথা উল্লেখ কৰে।

ঘৰৰ পৰা ওলাই আহিবৰ বাবেই আৰবাজক বিয়া কৰাব বিচাৰিছিল বুলি মালাইকাই কয়। মালাইকাই নিজে আৰবাজ খানক বিয়াৰ প্ৰস্তাৱ দিছিল।

মালাইকাই কয় যে- মই আৰবাজক প্ৰপ’জ কৰিছিলোঁ, মই আৰবাজক কৈছিলো, মোৰ বিয়া হ’বলৈ মন যায়। আপুনি সাজু নেকি?’ আৰু আৰবাজে উত্তৰ দিছিল, ‘আপুনি দিনটো আৰু ঠাইখন ঠিক কৰক’।”

মালাইকায়ে ইয়াকে উল্লেখ কৰে যে, ‘বহুত কম বয়সতে বিয়া পাতিলোঁ৷ তাৰ পিছত মই সলনি হ’লোঁ। তেতিয়াৰ পৰা মোৰ জীৱন সলনি হৈছে। মই ভাবো আমি এতিয়া বহুত ভাল মানুহ।

মালাইকাই প্ৰকাশ কৰে যে ‘দাবাং’ৰ মুক্তি পৰ্যন্ত তেওঁলোকৰ মাজত সকলো ঠিকেই আছিল। কিন্তু তাৰ পিছত লাহে লাহে সম্পৰ্কটো বেয়াৰ ফালে ঢাল খায় আৰু শেষত পৃথক হয়।’

২০১৭ চনৰ ১১ মে’ত আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ হয়। তেওঁলোকৰ আৰহান নামৰ এজন পুত্ৰ আছে। এই ২০ বছৰীয়া যুৱকজন বৰ্তমান উচ্চ শিক্ষাৰ বাবে বহিঃৰাজ্যত আছে।