26 C
Guwahati
Thursday, September 16, 2021
More

    মঙ্গল গ্ৰহত মানুহে জন্ম দিব পাৰিব সন্তান! নিগনিৰ ওপৰত কৰা গৱেষণাত সফলতা

    মঙ্গল গ্ৰহত মানুহে জন্ম দিব পাৰিব সন্তান! নিগনিৰ ওপৰত কৰা গৱেষণাত সফলতা – পৃথিৱীৰ বাহিৰত জীৱৰ অস্তিত্বক লৈ বৈজ্ঞানিক সকলে গৱেষণা কৰি আহিছে। জাপানৰ বৈজ্ঞানিক সকলে এইবাৰ এক নতুন গৱেষণা কৰি উলিয়াইছে যে যাৰ ফলত মানুহে‌ বেলেগ গ্ৰহণ সন্তান জন্ম দিয়াৰ সম্ভাৱনা বঢ়াইছে।

    ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি মহাকাশত প্ৰায় ৬ বছৰ ধৰি থৈ দিয়া নিগনিৰ স্পাৰ্ম পৃথিৱীলৈ আনি সুস্থ নিগনি জন্মত সফলতা লাভ কৰিছে।

    ইয়াৰ পিছত কিছুমান বৈজ্ঞানিকে দাবী কৰিছে যে মঙ্গল গ্ৰহত মানুহে সন্তান জন্ম দিব পাৰিব । উল্লেখ্য যে ৰেডিয়েছনৰ ফলত ডি এন এ নষ্ট হ’ব পাৰে আৰু প্ৰজনন ক্ষমতা কম হ’ব পাৰে। কিন্তু নতুন গৱেষণাই এই ধাৰণা সলনি কৰিলে।
    জাপানিজ বৈজ্ঞানিক সকলৰ এই গৱেষণা শুকুৰবাৰে চাইন্স এডভাঞ্ছত প্ৰকাশ কৰা হয়।

    ২০১৩ চনত জাপানৰ ইউনিভাৰ্ছিটি অফ যামানাশীৰ পৰা স্পাৰ্মৰ তিনিটা বটল পঠিয়াইছিল আৰু ইয়াত ৪৮ টা কাচৰ বটল আছিল। ছয় বছৰ পিছত ইয়াক পৃথিৱীলৈ অনা হয়।
    উল্লেখ্য যে নিগনিৰ স্পাৰ্ম সমূহ ফ্ৰীজ কৰি হাই ৰেডিয়ছনত ৬ বছৰ ৰখা হৈছিল।

    এই গৱেষণাত জড়িত অধ্যাপক ছয়াকা বকায়মাই কয় যে জেনেটিক ৰূপত নিগনিৰ কেইবাটাও পোৱালী জন্ম হৈছে আৰু আটাইকেইটা সুস্থ।

    আৰু পঢ়ক : এফালে মোদীৰ মাতৃ প্ৰেম- আনফালে বিজেপিৰেই এগৰাকী নেতাৰ মাতৃৰ হিয়াভগা কান্দোন- পুত্ৰই গতিয়াই বাহিৰ কৰিলে ঘৰৰ পৰা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং