জন্মৰ পাছতে পাষাণ মাতৃয়ে জংঘলত পেলাই থৈ গ’ল কন্যা শিশু, গাঁওবাসীয়ে দেখা পাই ক’লে মা দুৰ্গাৰ অৱতাৰ

0
5667
প্ৰতিনিধিত্বমূলক চিত্ৰ

জন্মৰ পাছতে পাষাণ মাতৃয়ে জংঘলত পেলাই থৈ গ’ল কন্যা শিশু, গাঁওবাসীয়ে দেখা পাই ক’লে মা দুৰ্গাৰ অৱতাৰ

অষ্টমীৰ পূজাৰ দিনাই পুৱাই জংঘলৰ মাজত উদ্ধাৰ এটি সদ্যোজাত কন্যা শিশু। কাপোৰেৰে মেৰিয়াই জংঘলত পেলাই থৈ গৈছিল কোনো পাষাণ মাতৃয়ে। সেই ফটা-চিটা কাপোৰৰ টোপোলাৰ পৰা কান্দোনৰ ৰোল ভাহি অহাত কাষ চাপি গৈ দেখি সকলো আচৰিত।

এই ঘটনা উত্তৰ প্ৰদেশৰ হামীৰপুৰৰ। আজি মা দুৰ্গাৰ মহা অষ্টমীৰ দিনাই পুৱাই জংঘলত উদ্ধাৰ হয় শিশুটি। গাঁওবাসীয়ে সেই কাপোৰৰ টোপোলা খুলি চাই দেখে টোপেলাৰ ভিতৰত এটি কনমানি কন্যা শিশু।

কোনো মাতৃয়ে সমাজৰ মুখলজ্জা ঢাকিবলৈ অথবা কন্যা শিশুৰ পৰা হাত এৰোৱাবলৈয়ে পুৱতি নিশা এনেদৰে শিশুটি পেলাই যোৱাৰ সন্দেহ গাঁওবাসীৰ।

যি দুৰ্গা পুজাৰ সময়ত কন্যা শিশুক পূজা কৰাটো পূণ্য বুলি ধৰা হয় সেই সময়তেই সদ্যোজাত কন্যা শিশুটিক পেলাই থৈ যায় মাতৃয়ে। ভোকে পিয়াহে কান্দি থকাত গাঁওবাসীয়ে সেই কান্দোন শুনিয়ে শিশুটি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

মা দুৰ্গাৰ পুজাৰ সময়তে শিশুটি উদ্ধাৰ হোৱাক চাই সকলো গাঁবাসীয়ে শিশুটিক দুৰ্গাৰেই ৰূপ বুলি অবিহিত কৰিছে। লগতে শিশুটিৰ প্ৰাণ ৰক্ষা পৰাত এয়া মা দুৰ্গাৰেই কৃপাদৃষ্টি বুলিও কয় বহুতে। বৰ্তমানে হাস্পতালত ৰখা হৈছে শিশুটি।

গাঁওবাসীয়ে শিশুটিক দুৰ্গা নাম দিয়াৰ লগতে বৰ্তমানে বহু পৰিয়ালে শিশুটিক তুলি লব বিচাৰিছে যদিও এয়া সহজতে নহব। আৰক্ষীয়ে সদৰি কৰা অনুসৰি এয়া বৰ্তমানে আইনৰ কাম। আইনী প্ৰক্ৰিয়াৰে যাব লাগিব সকলো।

সদ্যহতে শিশুটিত শিসু সুৰক্ষা গৃহত ৰখা হব। লগতে শিশুটিৰ অভিভাৱকৰ সন্ধান কৰা হব। পাছত যদিহে শিশুটি অভিভাৱক সম্পৰ্কে কোনো তথ্যা উদ্ধাৰ নহয় তেহে আইনী প্ৰক্ৰিয়া অনুসৰি শিশুটি কোনো লোকে তুলি লব পাৰিব।