‘মোৰ ল’ৰাক অত্যাচাৰ কৰি হত্যা কৰা হৈছিল; হত্যা নকৰি গ্ৰেপ্তাৰ কৰিব পাৰিলেহেতেন, উচুপি উচুপি ক’লে ছেমৰ মাতৃয়ে

উল্লেখ্য যে ১২ ডিচেম্বৰত হাতীগাঁৱৰ নামঘৰ পথৰ সমীপত আৰক্ষীৰ গুলীত মৃত্যুক সাৱটি লৈছিল ছেম ষ্টেফাৰ্ডে

0
78

CAAৰ বিৰুদ্ধে মহানগৰীত চলা তীব্ৰ প্ৰতিবাদৰ মাজতে ছহীদ হোৱা ছাত্ৰ ছেম ষ্টেফাৰ্ডৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে চাঞ্চল্যকৰ তথ্য। ছেমৰ শৰীৰত দুটাকৈ গুলী লগাৰ কথা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। এটা গুলী লাগিছিল থুতৰিৰ তলেৰে সোমাই কপালেৰে ওলাইছিল। আন এটা গুলী লাগিছিল ছেমৰ পেটত।

এই বিস্ফোৰক তথ্য ফাদিলৰ পিছতে ছহীদ ছেম ষ্টেফাৰ্ডৰ পৰিয়ালে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। সংবাদমাধ্যমৰ আগত উচুপি উচুপি মাতৃয়ে ক’লে- ‘মোৰ ল’ৰাক অত্যাচাৰ কৰি হত্যা কৰা হৈছিল, সি যদি কিবা ভুলো কৰিছিল তাক কিয় হত্যা কৰা হ’ল? গ্ৰেপ্তাৰ কৰিবও পাৰিলেহেতেন। উগ্ৰপন্থীৰ দৰে দুটাকৈ গুলী মাৰিব লগীয়া কি কৰিছিল সি?’

মাতৃৰ ভাষ্য…

উল্লেখ্য যে ১২ ডিচেম্বৰত হাতীগাঁৱৰ নামঘৰ পথৰ সমীপত আৰক্ষীৰ গুলীত মৃত্যুক সাৱটি লৈছিল ছেম ষ্টেফাৰ্ডে। ছেমৰ লগতে আন চাৰিজন লোকে প্ৰাণ হেৰুৱাইছিল এই প্ৰতিবাদী আন্দোলনত।