‘মই গৰ্ভৱতী’- মাকে কোৱা কথা শুনি ফুৰ্তিত ক’ব নোৱাৰা হোৱা কন্যাৰ মুহুৰ্ততে উৰি গ’ল সকলো সুখ, মাকে কৰিলে ভয়ংকৰ খোলোচা

0
54201
প্ৰতিনিধিত্বমূলক চিত্ৰ

‘মই গৰ্ভৱতী’- মাকে কোৱা কথা শুনি ফুৰ্তিত ক’ব নোৱাৰা হোৱা কন্যাৰ মুহুৰ্ততে উৰি গ’ল সকলো সুখ, মাকে কৰিলে ভয়ংকৰ খোলোচা

এগৰাকী মহিলা মাক হবলৈ ওলোৱাটো কিমান সুখৰ খবৰ সেয়া সকলোৱে জানে। তেনেই এক খবৰ শুনিছিল এগৰাকী যুৱতীয়ে। মাকে ফোন কৰি কৈছিল মাক গৰ্ভৱতী হোৱাৰ খবৰ।

ফুৰ্তিতে কব নোৱাৰা হৈ পৰিছিল যুৱতী। জ্যেষ্ঠ ভগ্নী হোৱাৰ খবৰে যেন সুখৰ হে ঢল নমাই আনিছে। পাছে সেই সকলো মুহুৰ্ততে পানী হৈ যায়। মাকে খোলোচা কৰে এক এনে কথা যি শুনি হতভম্ব হৈ পৰে যুৱতী।

এই ঘটনা আমেৰিকাৰ। যি সময়ত আমেৰিকাত গৰ্ভপাত নিষিদ্ধ কৰিছিল সেই সময়তে সংঘটিত হৈছিল এই ঘটনা। এফালে সমগ্ৰ দেশত নাৰীৰ প্ৰতিবাদ। আনফালে মাতৃৰ সৈতে সম্পৰ্ক যুৱতীৰ প্ৰেমিকৰ।

যুৱতীগৰাকী ফুৰিবলৈ বুলি অন্য ঠাইলৈ যোৱাৰ সময়তে মাতৃৰ সৈতে মিলিত হয় যুৱতীৰ প্ৰেমিক। সেই মিলনৰ ফলতে কন্যাৰ প্ৰেমিকৰ সন্তানৰ গৰ্ভৱতী হয় মাতৃগৰাকী।

কন্যাই এই বিষয়ে জনাৰ লগে লগে আকাশী শৰগ ভাগি পৰে মূৰত। সদ্যহতে যুৱতীগৰাকীয়ে ‘বিশ্বাসঘাটক’ বুলি লিখি এটা ভিডিঅ’ সামাজিক মাধ্যমত আপলোড কৰিছিল।

সেই ভিডিঅত কন্যাই সদৰি কৰিছিল মাতৃ আৰু প্ৰেমিকৰ বিশ্বাসঘাট কৰাৰ কথা। লগে লগে ভাইৰেল হৈ পৰে সেই ভিডিঅ। বহু হাজাৰ জনে তেনে মাতৃ আৰু প্ৰেমিকক ক্ষমা নকৰাৰ বাবে আহ্বান জনাই।

যুৱতীগৰাকীয়েও বৰ্তমানে মাকক এৰি অন্য ঠাইলৈ গুচি গৈছে লগতে প্ৰেমিকৰ লগতো সম্পৰ্ক ছেদ কৰিছে। অৱশ্যে মাতৃ আৰু প্ৰেমিকে এতিয়া যুৱতীক সৈমান কৰোৱাৰ বাবে চেষ্টা অব্যাহত ৰখা বুলি ভিডিঅত জানিবলৈ দিয়ে।