তীব্ৰ আৰ্থিক দুৰৱস্থা, সৰ্থেবাৰীত ক্ষুধাতুৰ ডেৰ বছৰীয়া শিশুক ঘপিয়াই হত্যা নিজ মাতৃৰ
বৰপেটা জিলাৰ সৰ্থেবাৰীত এটা কনমানি শিশুক নিজৰ মাতৃয়ে ঘপিয়াই হত্যা কৰাৰ দৰে নৃশংস ঘটনা সংঘটিত হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।
বুধবাৰে পুৱাই এই জঘন্য ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে।
ঘটনা সন্দৰ্ভত স্বামী নৰেশ মণ্ডলৰ অভিযোগৰ পাছতে অভিযুক্ত জয়া মণ্ডলক গ্ৰেপ্তাৰ কৰে সৰ্থেবাৰী আৰক্ষীয়ে।
জয়া আৰু তেওঁলোকৰ চাৰিজনীয়া পৰিয়ালটোৱে বিগত সময়ত তীব্ৰ আৰ্থিক সংকটৰ সন্মুখিন হ’বলগীয়া হৈছে যাৰবাবে পৰিয়ালটোৱে তেওঁলোকৰ শিশুৰ বাবে প্ৰয়োজনীয় বস্তুখিনিয়ো গটাব পৰা নাছিল।
বুধবাৰে জয়াই নিজৰ ভোকাতুৰ শিশুটোক গাখীৰ খুৱোৱাৰ পাছত শিশুটোৰ সৈতে নিজকে ঘৰৰ ভিতৰত আৱদ্ধ কৰি লয় আৰু শিশুটোক প্ৰথমে চৰিওৱাৰ পাছত এখন দাৰে ঘপিয়াই হত্যা কৰে।
এই ঘটনাত ডেৰ বছৰীয়া শিশুটোৰ ঘটনাস্থলীতে মৃত্যু হয়। স্থানীয় লোকে শিশুটোক বচাবৰ বাবে চেষ্টা কৰে যদিও তেতিয়ালৈ যথেষ্ট পলম হৈ গৈছিল।
আনহাতে, এই জঘন্য ঘটনাৰ পাছতে জয়াৰ স্বামী নৰেশ শোকত ভাগি পৰে আৰু পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ জয়া মণ্ডলক গ্ৰেপ্তাৰ কৰে।
আৰু পঢ়ক : তিনিচুকীয়াত পেৰাগ্লাইডিং কৰি থকা অৱস্থাত সৰি পৰি যুৱকৰ কৰুণ মৃত্যু