24 C
Guwahati
Thursday, May 19, 2022
More

    দুবছৰীয়া সন্তানসহ নৈত জাপ দিলে মাতৃয়ে, শিলচৰত চাঞ্চল্য

    দুবছৰীয়া সন্তানসহ নৈত জাপ দিলে মাতৃয়ে, শিলচৰত চাঞ্চল্য

    বুধবাৰে সন্ধিয়া বৰাক উপত্যকাৰ শিলচৰত এগৰাকী মহিলাই নিজৰ দুবছৰীয়া সন্তানসহ নৈত জাপ দিয়াক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

    নিজৰ দুবছৰীয়া সন্তানলৈ বৰাক নৈত জাপ দিয়ে মহিলাগৰাকীয়ে।

    জানিব পৰা মতে, চুমা ৰাণী নমশুদ্ৰ নামৰ মহিলাগৰাকীয়ে বুধবাৰে সন্ধিয়া শিলচৰৰ অন্নপূৰ্ণাঘাটৰ পৰা বৰাক নৈত নিজৰ দুবছৰীয়া সন্তানক বুকুত বান্ধি জাপ দিয়ে।

    নৈত জাপ দিয়া মহিলাগৰাকীৰ ঘৰ শিলচৰৰ ইটখলাত বুলি স্থানীয় লোকে প্ৰকাশ কৰিছে।

    মহিলা গৰাকীয়ে নিজৰ সন্তানৰ সৈতে নৈত জাপ দিয়াৰ পাছতে সন্ধানহীন হৈ পৰে। মহিলাগৰাকীয়ে নৈৰ বুকুত সন্ধানহীন হৈ পৰাৰ পাছতে আৰক্ষীৰ দল আৰু এছডিআৰএফৰ দলে মহিলা গৰাকী আৰু শিশুটিক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে।

    অৱশ্যে, কি কাৰণত মহিলা গৰাকীয়ে নিজৰ সন্তানসহ নৈত জাপ দিলে সেই কথা এতিয়াও স্পষ্ট হোৱা নায়।

    আৰু পঢ়ক : ভাৰতীয় ক্ৰিকেট দলৰ পাঁচজন খেলুৱৈ ক’ভিড প’জিটিভ, অধিনায়ক, সহ-অধিনায়ক সকলো ক’ভিড আক্ৰান্ত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং