
প্ৰেমৰ জালত পৰি বিপদত ৩ বছৰীয়া সন্তানৰ মাতৃ! চলনাৰে প্ৰেমিকাক গুৱাহাটীৰ পৰা পলুৱাই নি বিক্ৰী কৰিলে প্ৰেমিকে…
এনেই কোৱা নাই প্ৰেমে কৰিব নোৱাৰা কাম একো নাই। প্ৰেমৰ চলনাৰে এজন যুৱকৰ সৈতে পলাই গ’ল ৩ বছৰীয়া সন্তানৰ মাতৃ৷ কিন্তু প্ৰেমিকৰ লগত পলাই যোৱাৰ পাছতহে ওলাল প্ৰেমিকৰ আচল ৰহস্য৷
এই ঘটনাৰ স্থান গুৱাহাটী৷ সূত্ৰ অনুসৰি, বিগত ১৬ জানুৱাৰীত মহানগৰীৰ ছয় মাইলৰ সাই বাবা মন্দিৰৰ কাষৰ পৰা নিৰুদ্দেশ হৈছিল ৩ বছৰীয়া এটি সন্তানৰ মাতৃ এই মহিলাগৰাকী।
বহু সময় বিচৰাৰ অন্ততো মহিলাগৰাকীৰ কোনো শুং-সূত্ৰ লাভ কৰা নাছিল পৰিয়ালৰ লোকে৷ মহিলাগৰাকীৰ কোনো শুংসূত্ৰ বিচাৰি নোপোৱাত পৰিয়ালৰ লোকে ১৭ জানুৱাৰীত সাতগাঁও আৰক্ষী থানাত দাখিল কৰে এক এজাহাৰ।
২৩ জানুৱাৰী, দেওবাৰে দিনৰ ভাগত গুৱাহাটীৰ পৰা নিৰুদ্দেশ হৈ থকা মহিলাগৰাকীৰ মাকলৈ নতুন দিল্লীৰ পৰা মহিলাগৰাকীয়ে ফোন কৰে৷ ফোনত মহিলাগৰাকীয়ে দিল্লীত এঘৰ লোকৰ ঘৰত আশ্ৰয় লৈ থকা বুলি ব্যক্ত কৰে।
লগতে মহিলাগৰাকীয়ে কিদৰে তেওঁ দেহ ব্যৱসায় চক্ৰৰ কৱলত পৰিব লগা হ’ল সেই কথাও অৱগত কৰে। ভুক্তভোগী মহিলাগৰাকীক প্ৰেমৰ চলনাৰে গুৱাহাটীৰ এজন যুৱকে পলুৱাই গুৱাহাটীৰ পৰা ৰে’লযোগে দিল্লী লৈ নি তাৰ পিচত আনন্দ বিহাৰত দেহ ব্যৱসায়ৰ চক্ৰৰ হাতত বিক্ৰী কৰাৰ কথা উল্লেখ কৰে৷
সেয়ে এই চক্ৰটোৰ পৰা সোনকালে উদ্ধাৰ কৰিবলৈ মহিলাগৰাকীয়ে মাতৃক কাতৰ অনুৰোধ জনায়। পিছত মহিলাগৰাকীৰ স্বামী আৰু মাতৃয়ে দেওবাৰে সাতগাঁও থানত উপস্থিত হৈ এই সকলো কথা সাতগাঁও আৰক্ষীক বিৰ্ণনা কৰে৷
ঘটনা সন্দৰ্ভত ইতিমধ্যে সাতগাঁও আৰক্ষীয়ে এটা গোচৰ ৰজু কৰি নিৰুদিষ্ট মহিলাগৰাকীক উদ্ধাৰ কৰাৰ বাবে তৎপৰতা গ্ৰহণ কৰিছে।আনকি এই সন্দৰ্ভত দিল্লী আৰক্ষীৰ সৈতেও যোগাযোগ কৰিব বুলি আশ্বাস প্ৰদান কৰে পৰিয়ালটোক৷