ৰে’ল যাত্ৰাৰ সময়তে সন্তান প্ৰসৱ, ৰে’লৰ ভিতৰতে সুকলমে প্ৰসৱ কৰালে চিকিৎসকে

0
915
ৰে'ল যাত্ৰাৰ সময়তে সন্তান প্ৰসৱ, ৰে'লৰ ভিতৰতে সুকলমে প্ৰসৱ কৰালে

ৰে’ল যাত্ৰাৰ সময়তে সন্তান প্ৰসৱ, ৰে’লৰ ভিতৰতে সুকলমে প্ৰসৱ কৰালে চিকিৎসকে। নিউ বঙাইগাঁও জংচনত ৰেলযাত্ৰীৰ প্ৰসৱ।

নামনিমূৱা 15909 নং অবধ আসাম এক্সপ্ৰেছ(Avadh Assam Express)ৰ S-2 ডবাত জন্ম হয় এটি কেঁচুৱাৰ।

ৰীণা কুমাৰী নামৰ গৰ্ভৱতী মহিলা এগৰাকীয়ে মুজাফৰপুৰলৈ যাত্ৰা কৰাৰ সময়ত কেঁচুৱাটি প্ৰসৱ কৰে ৰেলৰ ডবাত।

নিউ বঙাইগাঁও ৰেলৱে চিকিৎসালয়ৰ চিকিৎসক ডাঃ মুজাম্বেল হুচেইনৰ তত্বাবধানত সুকলমে জন্ম হয় শিশুটিৰ।

মাতৃ আৰু শিশু উভয়ে সুস্থ অৱস্থাত আছে বুলি জানিব পৰা গৈছে। যোৱা নিশা একমান বজাত সংঘটিত হয় এই ঘটনা।

Input and Photo- Uttam Kumar Barman

আৰু পঢ়ক : ভয়াৱহ খবৰ, ভাৰত আহি পালে অমিক্ৰণ- দুজন ব্যক্তিৰ দেহত ধৰা পৰিছে অমিক্ৰণ ভাইৰাছ