18.4 C
Guwahati
Saturday, December 4, 2021
More

    নিৰুদ্দেশ মাতৃসহ ৪ বছৰীয়া কন্যা সন্তান, দুয়োকে বিচাৰি স্বামীৰ হাহাকাৰ

    নিৰুদ্দেশ মাতৃসহ ৪ বছৰীয়া কন্যা সন্তান, দুয়োকে বিচাৰি স্বামীৰ হাহাকাৰ

    ৰঙিয়া তুলসীবাৰীৰ পৰা ৰহস্যজনক ভাবে সন্ধানহীন হৈ আছে এগৰাকী বোৱাৰী সহ প্ৰায় ৪ বছৰীয়া কন্যা সন্তান । যোৱা ১৭ নৱেম্বৰত স্বামী অভিষেক দাস ঘৰত নথকা অৱস্থাত পত্নী পূজা দে দাস আৰু জীয়ৰী তানিশা দাস সন্ধানহীন হয় ।

    স্বামী অভিষেকে ঘৰলৈ আহি পত্নী আৰু কন্যাক দেখা নাপাই সম্পৰ্কীয়ৰ ঘৰত বিচাৰ – খোচাৰ কৰে যদিও সন্ধিয়ালৈ দুয়োৰে কোনো সন্ধান নোপোৱাত তুলসীবাৰী আৰক্ষীক অৱগত কৰে।

    আৰক্ষীয়ে স্বামীৰ অভিযোগৰ ভিত্তিত অনুসন্ধান আৰম্ভ কৰিছে যদিও এতিয়ালৈ সন্ধান পাবলৈ সক্ষম হোৱা নাই দুয়োৰো ।ইফালে অভিষেকে পত্নী আৰু কন্যা সন্তানক ৰাজ্যৰ বিভিন্ন ঠাইত বিচাৰি হাবাথুৰি খাইছে যদিও বৰ্তমানলৈ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই ।

    মঙ্গলবাৰে পত্নী আৰু কন্যা সন্তানক বিচাৰি ৰঙিয়াৰ ৰাজপথত ঘূৰি ফুৰা দেখা যায় অভিষেক দাস নামৰ ব্যৱসায়ী যুৱকজনক। যুৱক জনে পত্নী কন্যাক এইদৰে বিচাৰি থকা সময়তে মুখামুখি হ’ল সাংবাদিকৰ ।

    এনেদৰে ঘুৰি ফুৰাৰ কাৰণ সম্পৰ্কে সাংবাদিকে প্ৰশ্ন কৰাত তুলসীবাৰীৰ যুৱক জনে সমস্ত ঘটনা বিৱৰি কয়। যদি কোনো ব্যক্তিয়ে অভিষেকৰ পত্নী আৰু কন্যা সন্তানক দেখা পাই তেতিয়া হ’লে তেওঁৰ 6002017139 নম্বৰত অৱগত কৰিবলৈ আহ্বান জনাইছে ব্যক্তি গৰাকীয়ে ।

    ইনপুট: তৃষ্ণা দাস।

    আৰু পঢ়ক : মেঘালয়ৰ উপ-মুখ্য মন্ত্ৰীৰ সৈতে অসম-মেঘালয় সীমান্ত পৰিদৰ্শন মন্ত্ৰী পিযুষ হাজৰিকাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং