শোকাৱহ! কন্যাক বিদ্যালয়ত থবলৈ যাওঁতেই পিছফালৰ পৰা চিমেণ্ট ভৰ্তি ট্ৰাকে মহতিয়াই নিয়ে মাতৃ-কন্যাক, থিতাতে নিহত মাতৃ-কন্যা…

0
135
প্ৰতিনিধিত্বমূলক চিত্ৰ

শোকাৱহ! কন্যাক বিদ্যালয়ত থবলৈ যাওঁতেই পিছফালৰ পৰা চিমেণ্ট ভৰ্তি ট্ৰাকে মহতিয়াই নিয়ে মাতৃ-কন্যাক, থিতাতে নিহত মাতৃ-কন্যা…

বুধবাৰে বেনাৰঘাট্টা মেইন ৰোডত চিমেণ্ট ভৰ্তি ট্ৰাক এখনে গাড়ীৰ ওপৰত বাগৰি পৰাত এক ভয়ানক দুৰ্ঘটনা সংঘটিত হয়। এগৰাকী ৪৭ বছৰীয়া মহিলা আৰু তেওঁৰ ১৫ বছৰীয়া কন্যাৰ থিতাতে মৃত্যু হয়।

আই টি কোম্পানীৰ কৰ্মচাৰী গায়ত্ৰী কুমাৰ (৪৭) নামৰ মহিলগৰাকীয়ে দশম শ্ৰেণীত পঢ়ি থকা কন্যা সামাথা কুমাৰ (১৫)ক বিদ্যালয়ত থবলৈ যাওঁতে সংঘটিত হয় এই দুৰ্ঘনাটোৰ। আৰক্ষীয়ে কয় যে ট্ৰাক চালকে ভাৰসাম্য হেৰুৱাই পেলায় আৰু ট্ৰাকখনে স্কুটি খনক পিছফালৰ পৰা খুন্দা মাৰে।

বেনাৰঘাটা আৰক্ষীয়ে ক্ৰেন আৰু জেচিবিৰ সহায়ত ভাঙি পৰা ট্ৰাকখন ওপৰলৈ টানি লৈ যায় আৰু পিছত নিহতসকলৰ মৃতদেহ উলিয়াই পিছত ওচৰৰ চিকিৎসালয়লৈ স্থানান্তৰিত কৰে। অতি সামান্য আঘাত পাই ট্ৰাকখনৰ

চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। বেনাৰঘাটা আৰক্ষীয়ে গাফিলতিৰে গাড়ী চলোৱাৰ লগতে ট্ৰাক চালকজনৰ বিৰুদ্ধে গাফিলতিৰ বাবে মৃত্যু হোৱাৰ গোচৰ ৰুজু কৰি তেওঁক বিচাৰি উলিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে।