দুবছৰীয়া কন্যাসহ একেলগে সন্ধানহীন মাতৃ, সন্ধান দিওতালৈ নগদ ৫০ হাজাৰ টকা

0
942

দুবছৰীয়া কন্যাসহ একেলগে সন্ধানহীন মাতৃ, সন্ধান দিওতালৈ নগদ ৫০ হাজাৰ টকা।

মাতৃ কন্যাসহ একেলগে সন্ধানহীন হোৱাৰ এক খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে লখিমপুৰত। পৰিয়ালৰ লোকৰ অহ্বান, যি লোকেই সন্ধান দিব পাৰিব মহিলাগৰাকীৰ সেই সন্ধানদিওতাই লাভ কৰিব নগদ ৫০ হাজাৰ টকা।

এগৰাকী বোৱাৰীৰ সন্ধান দিওতালৈ পুৰষ্কাৰ ঘোষণা। নিৰুদিষ্ট বোৱাৰীৰ সন্ধান দিয়ক আৰু লাভ কৰক নগদ ৫০ হেজাৰ টকাৰ পুৰষ্কাৰ।

কণমানি সন্তান সহ মেডিকেল কলেজলৈ বুলি ওলাই যোৱা মাতৃ নিৰুদ্দেশ হোৱাত এতিয়া গভীৰ চিন্তিত পৰিয়াল। বিগত ৯ দিন ধৰি সন্ধান নাই লখিমপুৰৰ ফতেহপুৰৰ ফজিলা খাতুনৰ।

লখিমপুৰ মেডিকেল কলেজত ভৰ্তি হৈ থকা ভনীয়েকৰ স্বাস্থ্যৰ খবৰ লবলৈ গৈ ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰে লখিমপুৰৰ নাওবৈচাৰ ফতেহপুৰৰ জাকিৰ হুছেইনৰ পত্নী ফজিলা খাতুন।

দুবছৰীয়া কন্যাৰ সৈতে যোৱা ৩১ আগষ্টতে ওলাই গৈছিল মহিলা গৰাকী। কিন্তু এটা সপ্তাহতকৈয়ো অধিক সময় ধৰি বোৱাৰী গৰাকীৰ সন্ধান নাপাই চিন্তিত হৈ পৰিছে পৰিয়ালৰ লগতে আত্মীয়।

ইতিমধ্যে স্বামী জাকিৰ হুছেইনৰ পৰিয়ালে লালুক আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়েও উলিয়াব পৰা নাই কোনো শুংসূত্ৰ।

কোনো সদাশয় লোকে এই গৰাকী বোৱাৰীৰ সন্ধান পালে ৯৮৫৯২৭৭৪২৭ (9859277427) আৰু ৮৮৩৭২০৪২৬১ (8837204261) নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ ফালৰ পৰা।

নিৰুদিষ্ট মাতৃ-কন্যাৰ সন্ধান দিয়া লোকলৈ ৫০ হেজাৰ টকা পুৰষ্কাৰ আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰিছে পৰিয়ালৰ লোকে।

Input and Photo – Hassinur Alom