22 C
Guwahati
Friday, February 26, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ম’ষ্ট ৱাণ্টেড সংবিজতকে ধৰি হাজাৰৰো অধিক উগ্ৰপন্থী সদস্যই এৰিলে অস্ত্ৰ

    ম’ষ্ট ৱাণ্টেড সংবিজতকে ধৰি হাজাৰৰো অধিক উগ্ৰপন্থী সদস্যই এৰিলে অস্ত্ৰ : সন্ত্ৰাসবাদীমুক্ত অসম গঢ়া আৰু ৰাজ্যখনত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি কাৰ্বি আংলং জিলাৰ ৫টা নৃগোষ্ঠীয় উগ্ৰপন্থী সংগঠনৰ ১০৪০ গৰাকী সদস্যই অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন কৰে।

    অসম চৰকাৰৰ গৃহ বিভাগ আৰু অসম আৰক্ষীৰ উদ্যোগত আয়োজিত এক বিশেষ অনুষ্ঠানত আজি পিপলছ ডেম’ক্ৰেটিক কাউন্সিল অব কাৰ্বি লংৰি(পিডিচিকে)ৰ স্বঘোষিত অধ্যক্ষ ইংতি কাথাৰ সংবিজতকে ধৰি সংগঠনটোৰ সদস্যসকল, কাৰ্বি লংৰি এন চি হিলছ লিবাৰেশ্যন ফ্ৰণ্ট(কেএলএনএলএফ), কাৰ্বি পিপলছ লিবাৰেশ্যন টাইগাৰ্ছ(কেপিএলটি), কুকি লিবাৰেশ্যন ফ্ৰণ্ট(কেএলএফ) আৰু ইউনাইটেড পিপলছ লিবাৰেশ্যন আৰ্মি(ইউপিএলএ)ৰ সকলো সদস্যই মূলসুঁতিলৈ ঘূৰি আহে।

    উগ্ৰপন্থী সদস্যসকলে ৩৩৮টা বিভিন্ন ধৰণৰ অস্ত্ৰ-শস্ত্ৰৰ লগতে ১১,২০৩ জাই গুলীও জমা দিয়ে।

    হিংসাৰ পথ পৰিহাৰ কৰি শান্তিৰ পথ গ্ৰহণ কৰা উগ্ৰপন্থী সদস্যসকলক স্বাভাৱিক জীৱনলৈ স্বাগতম জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে হিংসাৰ পথ এৰি ভাৰতীয় সংবিধানৰ প্ৰতি আনুগত্য প্ৰকাশেৰে শান্তিৰ পথলৈ ঘূৰি অহা কাৰ্বি ভাই-ভনীসকল আজিৰ পৰা আমাৰ বৃহৎ পৰিয়ালটোৰ একো একোগৰাকী সদস্য হিচাপে চামিল হৈছে।

    আজি মূলসুঁতিলৈ ঘূৰি অহা উগ্ৰপন্থী সদস্যসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কয়, ‘আমি মিলিজুলি থাকিম, একেলগে পৰিশ্ৰম কৰিম আৰু লক্ষ্যত উপনীত হ’ম’।

    মুখ্যমন্ত্ৰীয়ে লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত আজি পাহাৰীয়া জিলাখনত সকলো ক্ষেত্ৰতে উন্নয়নৰ এক সুন্দৰ পৰিৱেশ ৰচনা হৈছে বুলি মন্তব্য কৰি সেয়া সম্ভৱ কৰি তোলাৰ বাবে তুলিৰাম ৰংহাঙক ভূয়সী প্ৰশংসা কৰে।

    আজিৰ এই অস্ত্ৰ সম্বৰণ কাৰ্যসূচীত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাং, কাৰ্বি আংলং জিলাৰ বহুকেইগৰাকী গাঁওবুঢ়া, বিশিষ্ট নাগৰিকৰ লগতে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াসকল উপস্থিত থাকে।   

    আৰু পঢ়ক : গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি-সম্পাদকৰ বিৰুদ্ধে এজাহাৰ দাখিল এগৰাকী সাংবাদিকৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং