
দৰং আৰক্ষীৰ ক্ৰমাগতভাৱে অন্য এক সফলতা। সোমবাৰে নিশা গোপন সূত্ৰৰ খবৰৰ ভিত্তিত খাৰুপেটীয়া থানা এলেকাৰ নিমতলীৰ সমীপৰ পৰা কৌশলৰে গ্ৰেপ্তাৰ কৰে ২ দুৰ্ধর্ষ ডকাইতক। ধৃত মহিদুল ইছলাম আৰু জয়নাল আবেদিন। খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰাজ মোহন ডেকাৰ নেতৃত্বত যোৱা অভিযানত গ্ৰেপ্তাৰ এই দুই ম’ষ্ট ৱাণ্টেড ডকাইত।
উল্লেখ্য যে দৰঙৰ লগতে গুৱাহাটীৰ কেইবাটাও চাঞ্চল্যকৰ ডকাইতিকাণ্ডৰ লগত জড়িত হৈ অসমৰ আৰক্ষীৰ ম’ষ্ট ৱাণ্টেড হিচাপে পৰিগণিত হৈ ত্ৰাসৰ সৃষ্টি কৰি নিজকে আত্মগোপন কৰি ৰাখিছিল এই দুই ডকাইতে। আনহাতে গুৱাহাটীৰ হাতীগাঁও থানাত ডকাইতকেইটাৰ বিৰুদ্ধে আছে ৬৪০/১৮ৰ গোচৰ।