26 C
Guwahati
Thursday, September 16, 2021
More

    আপুনি কাহানীও নেদেখা অলিম্পিক ইতিহাসৰ সবাটোকৈ স্মৰণীয় ২০ খন ফটো…

    আজিৰ পৰা আৰম্ভ হ’ব বিশ্বৰ সৰ্ববৃহত ক্ৰীড়া মহোৎসৱ অলিম্পিক গেইমছ। প্ৰতিযোগিতাখনে খেলুৱৈসকলক তেওঁলোকৰ প্ৰতিভা আৰু ক্ৰীড়া মনোভাৱ প্ৰদৰ্শনৰ সুবিধা আৰু সুযোগ দি আহিছে।

    পদক জয় কৰাৰ পৰা মানুহৰ হৃদয় জয় কৰালৈকে অলিম্পিকৰ আছে স্বৰ্ণিল ইতিহাস আৰু স্বকীয় বৈশিষ্ট্য।

    আজি আমি এনে কিছু বিৰল ফটো দেখুৱাবলৈ আগবাঢ়িছো যিয়ে কৈ যাব অলিম্পিকৰ অজান ইতিহাস।

    ১. চাৰ্লট কুপাৰ ষ্টেৰী : ১৯০০ অলিম্পিকত মিক্সড ডাবল আৰু একক টেনিছ প্ৰতিযোগিতাত জয়ী হোৱা প্ৰথম মহিলা টেনিছ খেলুৱৈ।

    ২. বাৰ্লিন অলিম্পিকত চাৰিটা সোণৰ পদক অৰ্জন কৰা আমেৰিকান দৌৰবিদ জেছি অ’ৱেন্স।

    ৩. ১৯৬ অলিম্পিকত দুটা সোণৰ পদক জয়ী হোৱা দৌৰবিদ হেলেন ষ্টিফেন্সছ।

    ৪. খালী ভৰিৰে দৌৰি ১৯৬০ অলিম্পিকৰ মাৰাথন দৌৰ জয়ী হোৱা ইথিওপিয়ান এথলীট আবেবে বিকিলা।  

    ৫. ১৯৬০ অলিম্পিকত বক্সিং ইভেণ্টৰ এখন খেলত প্ৰতিপক্ষী খেলুৱৈক পাঞ্চ মৰাৰ সময়ত মহান বক্সাৰ মহম্মদ আলী।

    ৬. ১৯৬০ অলিম্পিকত বিশ্বৰ সবাটোকৈ বেগী মহিলা দৌৰবিদ ৰূপে খিতাপ অৰ্জন কৰাৰ পিছত উইলমা ৰুদলফ

    ৭. টমি স্মিথ আৰু জন কাৰ্লোছে (১৯৬৮ গ্ৰীষ্মকালীন অলিম্পিক) খালী ভৰি আৰু এখন হাতত হাতমোজা পিন্ধি বৰ্ণবাদৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ সময়ত।

    ৮. ১৯৬৮ চনৰ অলিম্পিকত লং জাম্প ইভেণ্টত ২৯ ফুটৰো অধিক জপিয়াই অভিলেখ গঢ়া বব বিয়ামন।

    ৯. ১৯৬৮ চনৰ অলিম্পিকত ১০০ মিটাৰ স্প্ৰিণ্টৰ বিশ্ব অভিলেখ গঢ়াৰ সময়ত ফ্লৰেন্স গ্ৰিফিথ জয়নাৰ।

    ১০. ১৯৬৮ চনৰ অলিম্পিকত নিজৰ দেশৰ হৈ জিমনাষ্টিক পদক জিকিবলৈ চূড়ান্ত ৰাউণ্ডৰ বাবে জাঁপ দিয়াৰ সময়ত কেৰি ষ্ট্ৰুগ।

    ১১. তিনিবাৰৰ অলিম্পিক বিজয়ী আলেকজেণ্ডাৰ কাৰেলিনক পৰাস্ত কৰা মল্লযোদ্ধা ৰুলন গাৰ্ডেনাৰ

    ১২. এথেন্স অলিম্পিকত বাস্কেটবলৰ ছেমিফাইনেলত আৰ্জেণ্টিনাৰ হাতত পৰাজিত হোৱাৰ পিছত অসন্তুষ্ট আমেৰিকা যুক্তৰাষ্ট্ৰৰ খেলুৱৈ ষ্টেফন মাৰ্বুৰী

    ১৩. এথেন্স অলিম্পিকত ঘোঁৰাৰ পিছফলে লুকাই থকা Federico Sztyrle।

    ১৪. ২০০৪ অলিম্পিকত ১০০ মিটাৰ দৌৰৰ ফাইনেলত সোণৰ পদক জয় কৰাৰ আগমুহূৰ্তত য়ুলিয়া নেষ্টেৰেঙ্কো।

    ১৫. ২০০৮ চনৰ অলিম্পিকত ৪x১০০ মিটাৰ ফ্ৰীষ্টাইল সাঁতোৰ প্ৰতিযোগিতাত বিজয়ী হোৱাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দলটো।

    ১৬. লণ্ডন অলিম্পিকত টাৱাৰ ব্ৰীজৰ তলত অলিম্পিক ৰিঙৰ শোভা বৰ্ধন কৰা পূৰ্ণিমাৰ জোন।

    ১৭. ২০১২ চনৰ অলিম্পিকত পুৰুষৰ ৫০০০ মিটাৰ ফাইনেল দৌৰ জয় কৰাৰ পিছত ইংলেণ্ডৰ ৰেচাৰ মো ফাৰাহৰ প্ৰতিক্ৰিয়া।

    ১৮. ২০১৬ ৰিঅ’ অলিম্পিকত ইজিপ্ত আৰু জাৰ্মানীৰ মহিলাসকলৰ মাজত ভলীবল খেলৰ এখন ছবি।

    ১৯. ২০১৬ ৰিঅ’ অলিম্পিকত পুৰুষৰ ১০০ মিটাৰ দৌৰৰ ছেমিফাইনেল জয়ী হোৱাৰ আগমুহূৰ্তত ছেইন ব’ল্ট।

    ২০. ২০১৬ অলিম্পিকত ফ্লিপ কৰাৰ সময়ত জিমনাষ্ট ছিমনে বাইলছ।

    আৰু পঢ়ক : ভয়াৱহ ভূমিস্খলনৰ ঘটনা, একেলগে ৩৬ জনে হেৰুৱালে প্ৰাণ, প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং