‘মই খুউব বেয়া পাইছো’- এইবাৰ আৰক্ষীৰ পৰা কঠোৰ মাত পালে মৰিগাঁৱৰ বিধায়কে
বিধায়ক অমিয় কুমাৰ ভুঞাৰ পাছত এইবাৰ মৰিগাঁওৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে লাজ পালে আৰক্ষীৰ পৰা। সংবাদ মাধ্যমৰ আগত আক্ষেপ প্ৰকাশ বিধায়ক ৰমাকান্ত দেউৰীৰ।
এইবাৰ আৰক্ষীৰ পৰা লাজ পালে বিজেপি বিধায়ক ৰমাকান্ত দেউৰীয়ে। আৰক্ষীৰ পৰা লাজ পাই মনত দুখ পালে বিধায়ক ৰমাকান্ত দেউৰীয়ে , সেয়ে মুখ্যমন্ত্ৰীৰ ওচৰত গোচৰো দিলে তেখেতে।
নিজেই সবিস্তাৰে কলে সকলো, মৰিগাঁৱৰ আৰক্ষী অধীক্ষকৰ পৰা একপ্ৰকাৰ ধমক খালে বিধায়ক ৰমাকান্ত দেউৰীয়ে। কেৱল আৰক্ষী অধীক্ষক(SP)ৰ পৰাই নহয় মিকিৰভেটা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী (OC)ৰ পৰাও লাজ পাব লগা কথা শুনিলে ৰমাকান্ত দেউৰীয়ে।
বিধায়কগৰাকীৰে ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া অনুসৰি, ঘটনা এমাহ মান পূৰ্বৰ। এমাহ মান পূৰ্বে মৰিগাঁও জিলাৰ এচ পি লৈ ফোন কৰিছিল ৰমাকান্ত দেউৰীয়ে । ফোন কৰি কৈছিল যে, দলৰ কোনো লোক তেখেতৰ ওচৰলৈ কিবা কামত গলে অলপ সহায় সহযোগিতা কৰি দিয়ে যেন। কিন্তু তেতিয়াই আৰক্ষী অধীক্ষক গৰাকীয়ে যি সুৰত কথা কৈছে সেয়া লজ্জিত।
বিধায়ক গৰাকীৰ ভাষ্য- ‘মই কথা কলে বিধায়কৰ কথা নুশুনো বুলি কয় সাধাৰণ আৰক্ষীয়ে।’ ‘আইনে যি কব সেয়াহে কৰিম বুলি মোক পোনে পোনে কয় আৰক্ষীয়ে।’
‘মোক এতিয়া পোনে পোনে উত্তৰ দিয়ে অচি- এছ পিয়েএজন বিধায়কক এজন সাধৰণ অচিয়ে তেনেকৈ কোৱাটো বেয়া কথা।’
মই খুউব বেয়া পাইছো , কাৰণ এতিয়া বিধায়কৰ কথা বিলাক অচিৰ বাবে গুৰুত্বহীন হৈ গৈছে। অৱশ্যে মই অভিযোগ দিয়াত মুখ্যমন্ত্ৰীয়ে তেওঁক আঁতৰাই দিলে। মই মৰিগাঁৱৰ এচ পিৰ বিৰুদ্ধেও অভিযোগ দিছো মুখ্যমন্ত্ৰীক।’
প্ৰাণিধানযোগ্য যে, চাৰিদিন পূৰ্বে মৰিগাঁৱৰ বিধায়কগৰাকীয়ে PSOৰ সন্দৰ্ভতো আচৰিত মন্তব্য আগবঢ়াইছিল। দেউৰীৰ মতে, PSO নাথাকিলে জনপ্ৰতিনিধিৰ মৰ্যদা নাথাকিব । সাধাৰণ ৰাইজ আৰু জনপ্ৰতিনিধিৰ মাজত একো চিন নাথাকিব ।
PSO নথাকিলে ষ্টেটাছ নাইকীয়া হ’ব বুলি মন্তব্য কৰিছিল বিধায়ক গৰাকীয়ে । বিধায়কজনৰ মতে, বাইচাঞ্চৰ লাইচেঞ্চ নাই, PSO লাগিবই। তেওঁ সাংবাদিকৰ আগত কৰা মন্তব্যৰ পাছতেই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল।
আৰু পঢ়ক : নিজৰ ছেলফী বিক্ৰী কৰি কোটি টকা উপাৰ্জন এজন যুৱকৰ…কৰ পৰিশোধো কৰিছে চৰকাৰক