মৰিগাঁৱৰ যুৱকৰ দেহত নাই সংক্ৰমণৰ লক্ষণ: ৰমেন তালুকদাৰ,অধীক্ষকGMCH

অৱশ্যে তেজৰ পৰীক্ষাৰ প্ৰতিবেদনৰ বাবে অপেক্ষা কৰা হৈছে

0
60

মৰিগাঁৱৰ যুৱক জনৰ দেহত ক’ৰণা ভাইৰাছ সংক্ৰমণৰ কোনো লক্ষণ দেখা পোৱা নাই এই ভাষ্য গুৱাহাটী মেডিকেল কলেজৰ অধীক্ষক ৰমেন তালুকদাৰৰ। অধীক্ষকগৰাকীয়ে লগতে ইয়াকো কয় যে, ভাইৰাছ সংক্ৰমিত কোনো স্থানতেই যুৱকজনে ভ্ৰমণ কৰা নাই।

অৱশ্যে তেজৰ পৰীক্ষাৰ প্ৰতিবেদনৰ বাবে অপেক্ষা কৰা হৈছে। ৪৮ ঘণ্টাৰ পিছত হে ওলাব তেজৰ পৰীক্ষাৰ প্ৰতিবেদন।

উল্লেখ্য যে আজি কেৰেলাৰ পৰা গুৱাহাটী বিমান বন্দৰত অৱতৰণ কৰাৰ পিছতে ক’ৰণা ভাইৰাছত সংক্ৰমিত হোৱাৰ সন্দেহ কৰি অতিৰিক্ত নিৰিক্ষণত ৰখা হৈছিল যুৱকজনক।

Photo: Time8