
শুকুৰবাৰে গ্ৰেপ্তাৰ হ’ব ৪ হাজাৰৰো অধিক স্বামী! মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিলে তালিকা, কোন কোন জিলাৰ অবৈধ স্বামী গ্ৰেপ্তাৰ হ’ব আপুনিও জানি লওক…
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লক্ষ্য এইবাৰ অবৈধ স্বামী। বাল্য বিবাহ ৰোধ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল।
উল্লেখ্য যে, তেওঁ আজি টুইটাৰ হেণ্ডেলৰ জৰিয়তে কোন জিলাত কিমান অবৈধ স্বামীক গ্ৰেপ্তাৰ কৰা হ’ব তাৰ এখন তালিকাও প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা তালিকা অনুসৰি,
ৰাজ্যৰ আৰক্ষী থানাসমূহত ৪ হাজাৰৰো অধিক বাল্য বিবাহৰ গোচৰ পঞ্জীয়ন হৈ আছে। এই গোচৰৰ বিৰুদ্ধে ৩ ফেব্ৰুৱাৰী, শুকুৰবাৰৰ পৰা অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব। ইয়াৰ বাবে তেওঁ সকলোকে সহযোগিতাও আগবঢ়াবলৈ আহ্বান জনাইছে।
উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ হেণ্ডেলত উল্লেখ কৰা অনুসৰি ৰাজ্যৰ ৩৬ খন জিলাত ৪০০৪ টা তেনে গোচৰ ৰুজু হৈ আছে। ইয়াৰ ভিতৰত সৰ্বাধিক গোচৰ ৰুজু হৈ আছে ধুবুৰীত।
জিলাখনত মুঠ ৩৭০ টা বাল্য বিবাহৰ গোচৰ ৰুজু হৈ আছে। আনহাতে দ্বিতীয় স্থানত আছে হোজাই জিলা য’ত বাল্য বিবাহৰ ২৫৫ টা গোচৰ থকাৰ কথা উল্লেখ কৰা হৈছে।
২৩৫ টা গোচৰৰ সৈতে তৃতীয় স্থানত আছে ওদালগুৰি, ২২৪ টা গোচৰৰ সৈতে মৰিগাওঁ আছে চতুৰ্থ স্থানত আৰু ২০৪ টা গোচৰৰ সৈতে কোকৰাঝাৰ আছে পঞ্চম স্থানত। আনহাতে মাত্ৰ ১ টা গোচৰৰ সৈতে হাইলাকান্দি জিলা আছে এই তালিকাৰ সকলোতকৈ তলত।