32 C
Guwahati
Thursday, September 16, 2021
More

    পৰম্পৰাগত চিকাৰৰ নামত একেদিনাই ১৪০০ ডলফিনক নৃশংস হত্যা

    পৰম্পৰাগত চিকাৰৰ বাবেই এদিনতে প্ৰায় ১৪০০ ডলফিনক হত্যা কৰাৰ ঘটনাই সমগ্ৰ বিশ্বত চৰ্চা লাভ কৰিছে।

    ডেনমাৰ্কৰ ফাৰোৱে দ্বীপত ‘গ্ৰিণ্ডাদ্ৰাপ’ নামৰ এটা পৰম্পৰাগত চিকাৰৰ সময়তে ইমান সংখ্যক ডলফিনক হত্যা কৰা হয়।

    উক্ত পৰম্পৰাগত চিকাৰৰ সময়ত সাগৰৰ পানী ডলফিনৰ তেজেৰে ৰঙা হৈ যোৱাৰ আলোকচ্চিত্ৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগে লগে বিশ্বৰ বহু প্ৰান্তৰ লোকে এইধৰণৰ পাৰম্পৰিক চিকাৰক একেমুখে গৰিহণা দিয়ে।

    পৰম্পৰাগত চিকাৰটোৰ সময়ত চিকাৰী সকলে ডাঙৰ ডাঙৰ অৰ্ধগোলাকাৰ নাও লৈ ডলফিনবোৰক ঘেৰি লয় আৰু পাৰলৈ লৈ আহি নৃশংসভাৱে হত্যা কৰে।

    নাৱিকৰ বন্ধু খ্যাত ডলফিনক এনেদৰে নিৰ্দয়ভাৱে এখন সভ্য দেশত হত্যা কৰা ঘটনাই বৰ্তমান ডেনামাৰ্কটো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

    দেশখনৰ একাংশ প্ৰকৃতিপ্ৰেমী সংগঠনে এই ঘটনাক গৰিহণা দিয়াৰ লগতে ডলফিন হত্যাৰ বিৰুদ্ধে আদালতৰ ওচৰ চপাৰো হুংকাৰ দিছে।

    আৰু পঢ়ক : অতিশীঘ্ৰেই আহিব পাৰে ভাল খবৰ! পেট্ৰ’লৰ মূল্য ৭৫ ডিজেলৰ ৬৮…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং